নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত আফস্পাৰ ম্যাদ বৃদ্ধিৰ প্ৰতিবাদ ইৰম শৰ্মিলাৰ

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : সাম্প্ৰদায়িক হিংসাত দগ্ধ মণিপুৰত ‘সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন’ (AFSPA)ৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্তত অসন্তুষ্ট ইৰম শৰ্মিলা। মণিপুৰৰ জীয়ৰী-সমাজকৰ্মী ইৰম শৰ্মিলাই বৃহস্পতিবাৰে কয় যে সাম্প্ৰদায়িক সংঘাত ৰোধৰ বাবে দমনমূলক আইনখন ঘূৰাই অনাৰ সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। উল্লেখ্য যে মণিপুৰৰ পৰা আফস্পা প্ৰত্যাহাৰৰ দাবীত শৰ্মিলাই বিশ্বৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া অনশনৰ নজিৰ গঢ়ি তুলিছিল। ২০০০ চনৰ নৱেম্বৰৰ পৰা ২০১৬ চনৰ আগষ্টলৈকে একেৰাহে ১৬ বছৰ ধৰি প্ৰশাসনে তেওঁক নাকেৰে নলীৰ জৰিয়তে তৰল খাদ্যৰে জীয়াই ৰাখিছিল। অনশন প্ৰত্যাহাৰৰ পাছতো তেওঁ মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰা আফস্পা প্ৰত্যাহাৰৰ দাবীত অহৰহ প্ৰচাৰ চলাই আহিছে। বৃহস্পতিবাৰে শৰ্মিলাই কয় যে আফস্পা জাৰি কৰি মণিপুৰত শান্তি ঘূৰাই অনা সম্ভৱ নহয়। এইবাৰ অশান্ত মণিপুৰত আক্ৰমণ চলিছে বিজেপিৰ কাৰ্যালয়ত। বুধবাৰে মণিপুৰৰ পাহাৰীয়া অঞ্চলত আফস্পাৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। ১ অক্টোবৰৰ পৰা অহা ছমাহৰ বাবে কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।

You might also like