নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনীমুখী ৰাজ্যত মেগা প্ৰচাৰৰ প্ৰস্তুতি মোদীৰ

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ শীঘ্ৰে আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী কাৰ্যসূচী। ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ভ্ৰমণত মোদীয়ে মুঠ ৪খন ৰাজ্য ভ্ৰমণ কৰিব। প্ৰথমে ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছত ৩ অক্টোবৰত ছত্তিশগড় আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ উপৰি ৫ অক্টোবৰত ৰাজস্থানত থাকিব মোদী। ২ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰথমতে ৰাজস্থানৰ চিট্টৰগড়ত কেইবাখনো উন্নয়নমূলক আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছতে চিট্টৰগড়ত সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিয়লি গোৱালিয়ৰত উন্নয়নমূলক আঁচনি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু আধাৰশিলা স্থাপনৰ অন্তত সভাত ভাষণ দিব। ৩ অক্টোবৰত ছত্তিশগড় আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ছত্তিশগড় ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পুৱা জগদলপুৰত উপস্থিত হ’ব আৰু ৰেলী উলিওৱা হ’ব। ছত্তিশগড় ভ্ৰমণৰ পিছত মোদী তেলেংগানালৈ যাব, য’ত তেওঁ উন্নয়নৰ কাম আৰম্ভ কৰিব আৰু বিয়লি নিজামাবাদত আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত নিজামাবাদত বিয়লি প্ৰধানমন্ত্ৰী মোদীৰ ৰেলী উলিওৱা হ’ব। ৫ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত থাকিব আৰু ১২ বজাত ৰেলী অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাৰ্যকালত ৩৩বাৰ মধ্যপ্ৰদেশ ভ্ৰমণ কৰিছে আৰু এতিয়া এয়া হ’ব তেওঁৰ ৩৪সংখ্যক ভ্ৰমণ। কেৱল ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশ ৭বাৰ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমে বিনালৈ আহিছিল আৰু তাৰ পিছত এদিন আগতে ভূপাললৈ আহিছিল।

You might also like