✅নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মিলিন্দ সুধাকৰ মাৰাঠেৰ অংশগ্ৰহণ।
✅দুখনকৈ গুৰুত্বপূৰ্ণ সত্ৰ অনুষ্ঠিত।
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হ’ল শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত প্ৰথম প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। “শিপাৰ সন্ধানতমূল মন্ত্ৰৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মিলিন্দ সুধাকৰ মাৰাঠে, পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিক্ষাবিদ লীল বাহাদুৰ ছেত্ৰী, প্ৰখ্যাত সাংবাদিক ৰুবিকা লিয়াকত, বিশিষ্ট কোংকনী সাহিত্যিক ভূষণ ভাবে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° অন্সু যোশী সহ কেবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণি হয় দ্বীপ বন্দনাৰ মাজেৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিৰ সভাপতি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ দ্বাৰা দ্বীপ প্ৰজ্বলনেৰে। শংকৰদেৱ বিদ্যা নিকেতন, বিৰুবাৰীৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সমাজৰ দ্বাৰা পৰিবেশিত সৰস্বতী বন্দনা, তেজপুৰৰ শিল্পী সমাজৰ দ্বাৰা সমবেত সংগীত, বনলতা বৈশ্যৰ সাধনা শিল্পী সমাজৰ দ্বাৰা ভোৰতাল নৃত্যৰ প্ৰদৰ্শনৰ পিছতে মূল উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। আদৰণী ভাষণত আয়োজক সমিতিৰ সভাপতি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সাৱলীল বক্তব্য আগবঢ়ায়। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল বিষয়বস্তু সন্দৰ্ভত সভাপতি দেৱচৌধুৰীয়ে বাখ্যা আগবঢ়ায়। বাহিৰৰ তত্বৰে আমাৰ সাহিত্য সজোৱাৰ প্ৰৱনতাক সমালোচনা কৰি সভাপতি দেৱচৌধুৰীয়ে ভাৰতীয় পুৰাতন সভ্যতা সংস্কৃতিক অৱজ্ঞা কৰাৰ মানসিকতাৰ লৈ আক্ষেপ প্ৰকাশ কৰে যে। সভাপতি দেৱচৌধুৰীয়ে দুখ প্ৰকাশ কৰে যে আমাৰ সমাজৰ উচ্চ শিক্ষিত লোকসকলৰ মাজতো প্ৰাচীন কালৰ ঐতিহ্যক উপলুঙা কৰাৰ প্ৰৱণতা দেখা যায়। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণী অনুষ্ঠানৰ মূল বক্তব্য দাঙি ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত সাংবাদিক ৰুবিকা লিয়াকতেও ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ শক্তিশালী শিপাৰ বিষয়ে উল্লেখ কৰে। তেওঁ স্পষ্ট ভাবে উল্লেখ কৰে, তেওঁৰ বাবে মাতৃভূমি অৰ্থাৎ ভাৰত প্ৰথম, ধৰ্ম তাৰ পিছত। নিজৰ পূৰ্বপুৰুষৰ ইতিহাস সুঁৱৰি ৰুবিকা লিয়াকটে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ সাতজন পিতৃপুৰুষৰ নাম উল্লেখ কৰি কয়,”তাৰ আগত কোনোবা পণ্ডিত আছিল।” ভাৰতীয় মুছলমানৰ পূৰ্বপুৰুষ একে ভাৰতীয় শিপাৰ অংশ বুলি উল্লেখ কৰি সাংবাদিক ৰুবিকা লিয়াকতে এই মূল শিপা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়- শিপা শক্তিশালী হ’লেহে গছ-গছনিয়ে ভাল ফল দিব। মুখ্য অতিথিৰ ভাষণত নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মিলিন্দ সুধাকৰ মাৰাঠেই সাহিত্য জন কল্যানমুখী হোৱাত গুৰুত্ব আৰোপ কৰে। মাৰাঠেৰ মতে, য’তেই সমাজৰ হিত দেখা যায়, সেইয়াই সাহিত্য। নিজৰ সাৰুৱা ভাষণত শিক্ষাবিদ জনে আক্ষেপ প্ৰকাশ কৰে যে, অজ্ঞাত কাৰণত এচাম সাহিত্যিকে নিজৰ লোককে ভ্ৰমিত কৰা আৰম্ভ কৰে। এই ধৰণৰ ঔপনিৱেশিক মানসিকতাক কঠোৰ ভাষাৰ সমালোচনা কৰি নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ মাৰাঠেই নিজৰ ভাষণত স্পষ্ট আহ্বান জনায়- ১৯২৫ চনৰ পূৰ্বৰ তথ্যপাতিৰ অধ্যয়ণ কৰিবলৈ। নৃত্যশিল্পী ড° মল্লিকা কন্দলী আৰু তেওঁৰ শিষ্যৰ দ্বাৰা পৰিবেশিত “ভাৰত বন্দনা” ৰে আৰম্ভণি অনুষ্ঠানৰ সামৰণি পৰে। ইফালে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ থলীত আজি দুখনকৈ সত্ৰ আলোচনা অনুষ্ঠিত হয়। অধ্যাপক যোগেশ কাকতিৰ সঞ্চালনাত অনুষ্ঠিত “সৱলীকৰণৰ বাকধাৰা : শিপাৰ সন্ধানত ইতিহাসৰ অধ্যয়ন” শীৰ্ষক প্ৰথম সত্ৰ আলোচনাত অংশ লয় উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিৰ্ময় প্ৰধানী, বৰভাগ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকা ড° নমিতা দেৱী, ইন্দাছ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকা ড° অংকিতা দত্ত আৰু অসমৰ এজন বিশিষ্ট স্তম্ভ লেখক ৰূপম বৰুৱাই অংশ লয়। সাহিত্যৰ জৰিয়তে পৰম্পৰাৰ অন্বেষণ শীৰ্ষক দ্বিতীয়খন সত্ৰ আলোচনাত ভাগ লয় বিশিষ্ট কোংকনী সাহিত্যিক ভূষণ ভাৱে, জে এন ইউৰ অধ্যাপিকা ড° অন্সু যোশী, অসমৰ বিশিষ্ট ইতিহাসবিদ ড° ৰবীন শৰ্মাই অংশ লয়। এই সত্ৰ আলোচনা সঞ্চালনা কৰে জেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই।