নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত মৃত্যুতিথিত সাহিত্যিক জীৱনকৃষ্ণ পাত্ৰক স্মৰণ

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, ভূগোলবিদ, নৃত্যবিদ, সু-সাহিত্যিক তথা বজালী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰয়াত জীৱনকৃষ্ণ পাত্ৰৰ আজি অষ্টম মৃত্যু বাৰ্ষিকীত বজালীৰ বিভিন্ন প্ৰান্তত তেওঁক স্মৰণ কৰা হয়৷ উল্লেখ্য যে তিনিটা দশকৰো অধিক কাল বজালী মহাবিদ্যালয়ত ভুগোল বিজ্ঞান বিভাগত অধ্যাপনা কৰাৰ পাত্ৰই সুদুৰ উৰিষ্যাৰ পৰা বজালীলৈ আহি অধ্যাপনা কৰাৰ লগতে অসমীয়া ভাষা শিকি কেবাখনো অমূল্য গ্ৰন্থ ৰচনাৰে নিজৰ পাণ্ডিত্বৰ নিদৰ্শন দাঙিধৰাৰ লগতে টনকিয়াল কৰি গৈছে অসমীয়া সাহিত্যৰ ভঁৰাল। এনে এক মহান ব্যক্তিত্বৰ মৃত্যু তিথিত আজি পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত “অধ্যাপক জীৱন কৃষ্ণ পাত্ৰ সোঁৱৰণী” বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত বিশ্ববিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে বিভাগটোৰ মুৰব্বী অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰে৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পিছতে আৰম্ভ হোৱা বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি পুৰন্দৰ পাটগিৰিয়ে কয় যে ভাল কৰ্মইহে মানুহ এজনক মৃত্যুৰ পিছতো জীয়াই ৰাখিব পাৰে৷ অতি সাধাৰণ জীৱন জাপন কৰা ভোগ বিলাসৰ প্ৰতি উদাসীন জীৱনকৃষ্ণ পাত্ৰই জীৱন কালত কৰি যোৱা ভাল কামৰ বাবে আজি অমৰত্ব লাভ কৰিছে৷ তেওঁৰ নামত আৱক্ষ মুৰ্তি, পথৰ নাম নামকৰণ আদি কৰি তেওঁৰ নাম যুগমীয়া কৰাৰ প্ৰস্তাৱ পাটগিৰিয়ে ভাষণত আগবঢ়ায়৷ মুৰব্বী অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত তথা সহযোগী অধ্যাপক ড৹ জ্যোতিষ্ময় বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভগবান চৌধুৰীয়ে জীৱনকৃষ্ণ পাত্ৰৰ জীৱন বিভিন্ন দিশ সামৰাৰ লগতে ভূগোল আৰু বুৰঞ্জীৰ সম্বন্ধৰ ওপৰত ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ভূপেন তালুকদাৰে প্ৰয়াত পাত্ৰৰ স্মৃতি ৰোমন্থন কৰে৷ অধ্যাপক ড৹ বিকুল বৰ্মণেও ভাষণ প্ৰদান কৰা সভাত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে লঘু সংগীত, বৰগীত, বৃন্দগীত আদি পৰিবেশন কৰি অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে৷ অধ্যাপক ড৹ দীপক বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা বক্তৃতানুষ্ঠানৰ সামৰণিৰ পিছতে অনুষ্ঠিত আন্তঃ বিভাগীয় কুইজ প্ৰতিযেগিতা উদ্বোধন কৰে অধ্যাপক ড৹ পৰাগ বৰ্মণে৷ আনহাতে বজালীৰ নিত্যানন্দ মজলীয়া বিদ্যালয়তো আজি প্ৰয়াত অধ্যাপক জীৱনকৃষ্ণ পাত্ৰত তেওঁৰ অষ্টম মৃত্যু তিথিত স্মৰণ কৰা হয়৷ গ্ৰীণ মিছন, বজালীৰ উদ্যোগত গছৰ দিন হিচাপে পালন কৰা অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ফুলেন কলিতাই৷ প্ৰয়াত জীৱনকৃষ্ণ পাত্ৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কনক নাথে৷ ইয়াৰ পিছতে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ লগতে বৃহত্তৰ নিত্যানন্দ অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট লোকে প্ৰয়াত অধ্যাপকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে অনুষ্ঠানত বিদ্যালয় চৌহদত কেবাজোপা গছপুলি ৰোপন কৰি গ্ৰীণ মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে প্ৰয়াত পাত্ৰলৈ শ্ৰদ্ধা জনাই কয় যে এনেকুৱা এগৰাকী বৰেণ্য ব্যক্তিৰ মৃত্যু দিনটোক গছৰ দিন হিচাপে উদযাপন কৰি তেওঁক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে বিপন্ন ধৰণী উদ্ধাৰৰ স্বাৰ্থত একোটা দিন প্ৰকৃতিৰ হৈ কাম কৰিবলৈ সকলোকে উদ্বুদ্ধ কৰাৰ স্বাৰ্থতে গছৰ দিন পালন কৰি অহা হৈছে৷ উল্লেখ্য যে সমাজৰ হ’কে কাম কৰা মহান ব্যক্তিসকলৰ মৃত্যু দিৱস, জন্ম দিন আদিত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত গ্ৰীণ মিছন, বজালীৰ সঞ্চালক খাটনিয়াৰে বিভিন্ন সময়ত গছৰ দিন পালন কৰি আহিছে৷ খাটনিয়াৰে কয় যে জন্ম, মৃত্যু আৰু বিবাহ হৈছে এগৰাকী ব্যক্তি জীৱনৰ বিশেষ দিন৷ আৰু এনেকুৱা বিশেষ দিন সমূহৰ অচিলা লৈ যদি আমি প্ৰত্যেকেই গছপুলি ৰোপনৰ চিন্তা-চৰ্চা কৰো তেন্তে প্ৰকৃতিৰ বাবে ই হব এক অতুলনীয় কাম, যি কামে পৃথিবীৰ ভৱিষ্যত সুৰক্ষিত কৰিব৷ সেয়েহে এনেকুৱা বিভিন্ন অনুষ্ঠানৰ উপলক্ষত গছপুলি ৰোপন কৰি তাক প্ৰতিপালন কৰাটো এক গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে পালন কৰিবলৈ খাটনিয়াৰে এই অনুষ্ঠানৰ যোগে সকলোকে আহ্বান জনায়৷ তেওঁ কয় যে সেউজীয়াৰ মাজত জীয়াই ৰখাৰ প্ৰয়াসেৰে প্ৰয়াত পাত্ৰৰ প্ৰতিটো মৃত্যু তিথিতে তেওঁ গছৰ দিন হিচাপে পালন কৰি আহিছে৷ এনে ধৰণে প্ৰতিগৰাকী ব্যক্তিৰে ওপজা দিন, মৃত্যু তিথি আদিত গছৰ দিন পালন কৰি সমাজলৈ বিশেষকৈ নৱ প্ৰজন্মক এক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যাতে নতুন প্ৰজন্মই প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিবলৈ যিকোনো বিশেষ দিনৰ সুযোগ গ্ৰহণ কৰিব পাৰে৷ ইপিনে পাঠশালাৰ কলেজ ৰোডৰ জি জি কমপ্লেক্সত জীৱন কৃষ্ণ পাত্ৰৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁৰ অনুগামী সকলে এক উমৈহতীয়া মঞ্চত তেখেতৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন কৰে ৷ পাঠশালা প্ৰেছ ক্লৱ , পাঠশালা সেউজ নগৰৰ জেষ্ঠ নাগৰিক, জুনা নাম শিল্পী আদিকে ধৰি কেবাটাও অনুষ্ঠানৰ সহযোগত আয়োজন কৰা মৃত্যুবাৰ্ষিক তেওঁৰ প্ৰতিচ্ছবি পূস্পাঞ্জলি নিবেদন কৰে জুনানামৰ শিল্পী দেবন ৰয়, গ্ৰীণ মিচনৰ সঞ্চালক আনন্দ খাটনিয়াৰ, পাঠশালা প্ৰেছ ক্লাৱৰ কৈলাস চৌধুৰী, হীৰেন কলিতা, ৰঞ্জিত দাস, পাঠশালা পৌৰসভা পৌৰপতি জলি চৌধুৰী, উপ পৌৰপতি ৰাতুল ৰয়, অগপ নেতা ধৰ্মেশ্বৰ ৰয়, অৱসৰপ্ৰাপ্ত শিক্ষক বৈকুণ্ঠ কলিতা, সমাজকৰ্মী খগেন চৌধুৰী আদি উপস্থিত ব্যক্তিসকলে৷ বৈকুণ্ঠ কলিতাই আঁত ধৰা অনুষ্ঠানত কেবাগৰাকীও ব্যক্তিয়ে জীৱন কৃষ্ণ পাত্ৰ সন্দৰ্ভত স্মৃতি ৰোমান্থণ কৰি কয় যে সুদুৰ উৰিষ্যা বালেশ্বৰত জন্মগ্ৰহণ কৰিও বজালী মহাবিদ্যালয়ত শিক্ষকতাৰ মাজেৰে নিজৰ কৰ্মভূমিক সৰ্বোচ্ছ উজাৰি দিছিল৷ নিজৰ কৰ্মজীৱনত অসমীয়া ভাষা শিকি ভাষা অধ্যয়ন কৰি একপ্ৰকাৰ ভাষাবিদ হৈ পৰা পাত্ৰই অসমীয়া ভাষাত কেবাখনো মৃল্যবান গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্য চহকী কৰি যায়৷ ১৯৯৫ চনতে বজালী মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো প্ৰায় এক দশক কাল তেখেতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি এজন প্ৰকৃত শিক্ষকৰপৰিচয় দাঙি ধৰিছিল৷ অধ্যয়ন আৰু ন ন সাহিত্যৰ সৃষ্টি আছিল তেখেতৰ জীৱনৰ অন্যতম লক্ষ্য৷ তেখেতৰ কৰ্মৰাজিয়ে নতুন প্ৰজন্মৰ মাজত সদায় অনুপ্ৰেৰণা হৈ ৰব বুলি প্ৰকাশ কৰি অনুষ্ঠানত উপস্থিত সকলে তেওঁৰ স্মৃতিচাৰণ কৰে৷ আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জুনাৰ নামৰ শিল্পী দেবেন ৰয় আৰু তেওঁৰ সহযোগী সকলে জুনা নাম পৰিবেশন কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like