নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোন্দাত চিএফএলৰ বাৰ্ষিক সভা সম্পন্ন

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : মহানগৰীৰ বোন্দাত বাৰেবৰণীয়া প্ৰাথমিক সমবায় সমিতি (চিএলএফ) লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাখন কালি অনুষ্ঠিত হয়। চিএলএফৰ সভাপতিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত যোৱা বিত্তীয় বৰ্ষৰ আয়-ব্যয়ৰ হিচাপ দাখিলৰ লগতে আগন্তুক বৰ্ষৰ বাজেট নিৰ্ধাৰণ কৰাৰ উপৰি নতুন পৰিচালনা সমিতি গঠন কৰা হয়। সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, চন্দ্ৰপুৰ খণ্ড পৰিচালনা শাখাৰ অধীনস্থ কুৰিৰো অধিক গাঁৱৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সভাখনত জিলা পৰিষদৰ সভাপতি শিৰোমণি কোঁৱৰে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোগ কৰি বক্তব্য আগবঢ়ায়। তেওঁ চি এল এফৰ সৰ্বাংগীণ উন্নয়নৰ লগতে ইয়াৰ লগত জড়িত প্ৰতিগৰাকী মহিলা যাতে স্বাৱলম্বী হ’ব পাৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। অনুষ্ঠানত চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ভূপেন কাকতিয়ে চি এল এফৰ সৈতে জড়িত মহিলাসকলৰ আৰ্থ-সামাজিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাষণ আগবঢ়ায়। ইপিনে, সভাখনত উপস্থিত থাকি এ এছ আৰ এল এমৰ জিলা প্ৰকল্প বিষয়া শিবালিকা মেধিয়ে জীৱিকাৰ ক্ষেত্ৰত মহিলাসকল কেনেদৰে আগুৱাই যাব পাৰে আৰু এই ক্ষেত্ৰত চৰকাৰী আঁচনি লাভৰ প্ৰক্ৰিয়াসমূহ বৰ্ণনা কৰে। সভাত কো-অপাৰেটিভ.ছ’চাইটীৰ প্ৰতিনিধি, বেংক বিষয়া, পানীখাইতী গাঁও পঞ্চায়তৰ পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ২০১৭ চনত গঠন হোৱা বাৰেবৰণীয়া মণ্ডল সংগঠনটো ২০২২ চনৰ ডিচেম্বৰত কো -অপাৰেটিভ ছ’চাইটীৰ অধীনত পঞ্জীয়ন কৰা হয়।

You might also like