নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু সুৰক্ষা গৃহত ভগদত্তপুৰৰ নির্যাতিত শিশু

🔹 ফৰেনছিকৰ ৰিজাল্টৰ পিছত গোচৰটোত সন্নিৱিষ্ট হ’ব ধাৰা

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : মহানগৰীৰ কাহিলিপাৰাৰ ভগদত্তপুৰৰ তথাকথিত শিক্ষিত, অভিজাত অধ্যাপিকাৰ ঘৰত নির্যাতিত ১০ বছৰীয়া কন্যা শিশুটিক জালুকবাৰীস্থিত শিশু সুৰক্ষা গৃহত ৰখা হৈছে। শুকুৰবাৰে নিশা শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত আজি পুনৰ জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰা হয় শিশুটিৰ। উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ সম্পূৰ্ণ ৰিপোৰ্ট পঠিওৱা হ’ব ফৰেনছিকলৈ। ফৰেনছিকৰ ৰিজাল্টৰ পিছত গোচৰটোত সন্নিৱিষ্ট কৰা হ’ব ধাৰা। ইপিনে, স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আদালতলৈ প্ৰেৰণ কৰা নহয় শিশুটিক। তদুপৰি পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে গ্ৰহণ কৰা হ’ব শিশুটিৰ ভাষ্য। আদালতত হাজিৰ নোহোৱা পৰ্যন্ত শিশুটিক লগ কৰিব নোৱাৰিব পিতৃ-মাতৃসহ কোনো লোকে। বৰ্তমানলৈকে শিশুটিৰ স্বাস্থ্য কিছু দুৰ্বল বুলি জানিব পৰা গৈছে।

You might also like