নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অস্থিৰতাৰে নিজকে প্ৰাসংগিক কৰি ৰখাৰ নিকৃষ্ট ষড়যন্ত্রত অখিল গগৈ’

🔹‘শিৱসাগৰত ভেটি হেৰুৱাই আবোল-তাবোল বকিছে বিধায়কে’

বিশেষ বাৰ্তা, ১ অক্টোবৰ : “অখিল গগৈয়ে ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰি নিজকে প্ৰাসংগিক কৰি ৰাখিবৰ বাবে নিকৃষ্ট ষড়যন্ত্রত নামিছে। শিৱসাগৰত ভেটি হেৰুৱাই আবোল-তাবোল বকাটো বিধায়কজনৰ একপ্ৰকাৰৰ স্বভাৱত পৰিণত হৈছে।”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। বশিষ্ঠস্থিত দলৰ মুখ্য কার্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বার্তালাপত শৰ্মাই এইদৰে মতপোষণ কৰে। বিজেপিৰ মুখপাত্ৰজনৰ মতে, অখিল গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিত নিজৰ গণভিত্তি আৰু জনপ্রিয়তা হেৰুৱাই পেলাইছে বাবেই বাতৰিৰ শিৰোনামত থাকি নিজকে প্ৰাসংগিক কৰি ৰখাৰ এক ব্যর্থ প্রয়াস এনেদৰেই কৰি আহিছে। কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা আৰম্ভ কৰি ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক হিচাপে আজিলৈ অখিল গগৈয়ে ৰাজহুৱাভাৱে উত্থাপন কৰা সকলো অভিযোগৰ ৯৫ শতাংশই মিছা বুলি ইতিমধ্যেই প্রমাণিত হৈছে। তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কোটি কোটি টকাৰ দুৰ্নীতিৰ তথ্য থকা বুলি তাহানিতে হাতত দুটা ফাইল লৈ অখিল গগৈয়ে কৰা সেই বিখ্যাত সংবাদ মেলৰ কথা অসমৰ ৰাইজে এতিয়াও পাহৰা নাই। ঠিক একেদৰে সংবাদ মেল পাতি বিদেশত প্রয়াত তৰুণ গগৈৰ কেইবাশ কোটি টকাৰ স্থাৱৰ সম্পত্তি থকাৰ কথাও অখিল গগৈয়ে ঘোষণা কৰিছিল। কিন্তু নিজে কৰা ঘোষণাৰ আজিলৈ অখিল গগৈয়ে কোনো তথ্য-প্রমাণ ৰাজহুৱা কৰিব নোৱাৰিলে। সেই বিখ্যাত ফাইল দুটাৰ ফিতাও আজিলৈ খোল খোৱা নাই। সামাজিক আৰু ৰাজনৈতিক উত্তেজনা সৃষ্টি কৰাৰ বাবে তাহানিতে তেওঁ উত্থাপন কৰা এনে অভিযোগৰ সত্যতাৰ প্ৰমাণ প্ৰকৃততে অখিল গগৈয়ে প্রথমে দি ল’বৰ বাবে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই প্রত্যাহ্বান জনায়। আজিকালি অখিল গগৈয়ে ভাৰতীয় জনতা পার্টীক অসহিষ্ণু আৰু গণতান্ত্রিক ব্যৱস্থাত বিশ্বাস নথকা দল বুলি বৰ্ণনা কৰে। শিৱসাগৰৰ বিধায়কজনৰ এনে মন্তব্যক একে আষাৰে নস্যাৎ কৰি বিজেপিৰ মুখপাত্ৰজনে ৰাইজৰ দলৰ মুৰব্বীক অস্থিৰতাৰ চৰ্দাৰ বুলি বৰ্ণনা কৰে। সমাজক অস্থিৰ আৰু উত্তেজিত কৰি ৰাজনৈতিক মুনাফা লাভৰ বাবে অখিল গগৈয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে বুলি মত পোষণ কৰে। কা আন্দোলনৰ সময়ত গুৱাহাটীৰ ৰাজপথত অগ্নিসংযোগ, হিংসাত্মক ঘটনাকে ধৰি কলাক্ষেত্ৰ আক্ৰমণৰ দৰে জঘন্য কাৰ্যৰ লগত অখিল গগৈৰ সমৰ্থক আৰু তেওঁৰ মিত্ৰদল কংগ্ৰেছৰ কৰ্মী জড়িত থকাৰ কথা ইতিমধ্যে প্রমাণিত হৈছে। প্ৰণৱ বড়োক আত্মজাহ দিবলৈ উচটাই ৰং চোৱা অখিল গগৈৰ মুখত গণতন্ত্ৰ আৰু অসহিষ্ণুতাৰ কথা শোভা নাপায় বুলি শৰ্মাই মন্তব্য কৰে। আনক সহিষ্ণু আৰু গণতান্ত্ৰিক হ’বলৈ পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে নিজে প্রথমে অনুশীলন কৰি উদাহৰণ সৃষ্টি কৰিবলৈ অখিল গগৈৰ প্ৰতি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই আহ্বান জনায়।

You might also like