নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনৰ সংগ্রহালয়ৰ পৰা ভাৰতলৈ অনা হ’ব শিৱাজীৰ ‘বাঘনখ’

🔹 আফজল খাঁক পৰাস্ত কৰা অস্ত্র পুনৰ সংৰক্ষিত হ’ব মহাৰাষ্ট্রত

বিশেষ বাৰ্তা, ২ অক্টোবৰ : অৱশেষত ভাৰতলৈ ওভতাই অনা হ’ব ছত্রপতি শিৱাজীৰ ‘বাঘনখ’৷ এই অস্ত্র ইংলেণ্ডত সংৰক্ষিত হৈ আছে৷ ইংলেণ্ডৰ পৰা আগন্তুক নৱেম্বৰত মহাৰাষ্ট্রলৈ অনা হ’ব এই ‘বাঘনখ’৷ লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবার্ট মিউজিয়ামত প্রদর্শিত হৈছিল ‘বাঘনখ’৷ ১৬৫৯ চনত বীজাপুৰ সাম্রাজ্যৰ সেনাপতি আফজল খাঁক এই অস্ত্রৰ জৰিয়তে পৰাস্ত কৰিছিল শিৱাজীয়ে৷ আফজল খাঁৰ বিৰুদ্ধে বিজয় আছিল শিৱাজীৰ মাৰাঠা সাম্রাজ্য বিস্তাৰৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ঘটনা৷ প্রতাপগড় কিল্লাৰ সন্মুখত আফজল খাঁ আৰু শিৱাজীৰ সেই যুদ্ধ কিংবদন্তি হৈ আছে৷ শিৱাজীৰ শৌর্য আৰু বীৰত্বৰ প্রতীক হৈ আছে এই যুদ্ধ৷ প্রবাদ আছে যে শিৱাজীৰ সৈতে সন্ধিৰ সময়ত আলিংগনৰ অচিলাৰে পিঠিত ছুৰী বহুৱাই দিছিল আফজল খাঁই৷ কিন্তু শিৱাজীৰ হাতৰ মুঠিত আছিল ‘বাঘনখ’৷ তীক্ষ্ণ এই অস্ত্রৰ সন্মুখত পৰাস্ত হয় আফজল খাঁ৷ ১৮১৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ববীয়া জেমছ গ্রাণ্ট ডাফক শিৱাজীৰ ‘বাঘনখ’ প্রদান কৰা হৈছিল৷ ডাফে ইংলেণ্ডলৈ যোৱাৰ সময়ত শিৱাজীৰ এই ‘বাঘনখ’ লগত লৈ গৈছিল৷ পৰৱর্তী সময়ত এই অস্ত্র তুলি দিয়া হয় ব্রিটেইনৰ সংগ্রহালয়ক৷ মহাৰাষ্ট্রৰ সাংস্কৃতিক মন্ত্রী সুধীৰ মুন গাণ্টিৱাৰে লণ্ডনলৈ যোৱাৰ সময়ত এই অস্ত্র ওভতাই অনাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে৷

You might also like