নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত বনৰীয়া হাতীৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ চিৰাঙৰ বিজনী মহকুমাৰ অন্তৰ্গত অক্সিগুৰীৰ ওৰাংপাৰা, উত্তৰ বল্লামগুৰী, ফৰমাইশালীত বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে পূৱতি নিশা অক্সিগুৰীৰ ওৰাংপাৰাত তাণ্ডৱ চলাই বিদ্যা ৰঞ্জন মল্লিকৰ প্ৰায় ২ বিঘা ধানৰ খেতি বিনষ্ট কৰাৰ লগতে অঞ্চলটোৰ কেইবাজনো কৃষকৰ ধানৰ খেতি খাই বিনষ্ট কৰে। একে ৰাতিতে উত্তৰ বল্লামগুৰীৰ সঞ্জীৱ ৰাভাৰ এটি পাক ঘৰৰ লগতে থকা ঘৰ ভাঙি ভৰালৰ ধান খাই তহিলং কৰে বনৰীয়া হাতী। উক্ত অঞ্চলত ৬টাকৈ পৰিয়ালৰ ঘৰ ভাঙি তহিলং কৰাৰ লগতে ভৰালৰ ধান, চাউল খাই তহিলং কৰে হাতীৰ জাকে। ইফালে ফৰমাইশালীত চাহেৰা খাতুন নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাৰ PMAYৰ পকী ঘৰৰ বেৰ ভাঙি থৈ যায় বনৰীয়া হাতীয়ে। উক্ত অঞ্চলসমুহত চিৰাং জিলা আম আদমী পাৰ্টীৰ এটা সজাতি দলে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোক সকলক অতি সোনকালে ক্ষতিপুৰণ দিয়াৰ লগতে হাতী প্ৰতিৰোধীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like