বিশেষ বাৰ্তা, ৫ অক্টোবৰঃ আজি পুৱা ছিকিমৰ লোনাক হ্ৰদত ডাৱৰ বিস্ফোৰণৰ ফলত তীস্তা নদীত হঠাৎ বানপানীৰ ফলত ১৪জন লোকৰ মৃত্যু হয়। আকাশ দুৰ্যোগত ২২জন সেনা জোৱানসহ ১০২জন লোক নিৰুদ্দেশ হোৱাৰ লগতে ২৬জন লোকো আহত হয়। আনহাতে এজন সেনা জোৱানকে ধৰি ১৬৬জন লোকক উদ্ধাৰ কৰা হৈছে। চুংথাং মথাউৰিৰ পৰা পানী এৰি দিয়াৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। উদ্ধাৰকাৰীয়ে ছিংটামৰ গলিটাৰত থকা তীস্তা নদীৰ পৰা এটা শিশুকে ধৰি কেইবাটাও মৃতদেহ উলিয়াই আনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ মুখ্যমন্ত্ৰীৰে কথা পাতি ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। ছিকিম উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য যি ভূটান, তিব্বত আৰু নেপালৰ সীমান্তৰ লগত সংলগ্ন। দেশ আৰু বিশ্বই ছিকিমক সৌন্দৰ্য্যৰ বাবে চিনি পায় যদিও বুধবাৰে ছিকিম ধ্বংসৰ শিৰোনামত পৰিণত হয়। ছিকিমৰ বিভিন্ন অঞ্চলত ৮খন দলং ধ্বংস হৈছে। ছিকিমৰ উত্তৰ অংশ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। বাট-পথ প্লাৱিত হৈ পৰিছে। ডাঙৰ ডাঙৰ গছৰ ডালবোৰ খেলনাৰ দৰে পানীত ওপঙি থকা দেখা যায়। আৱাসিক অঞ্চলত ১৫-২০ ফুট উচ্চতাৰ ঢৌৰ সৈতে যুঁজ দিয়া দেখা গৈছিল। ডাৱৰ ফাটি যোৱাৰ পিছত যেতিয়া পানী ছিকিমৰ তীস্তা নদীত উপনীত হ’ল, তেতিয়া নদীখনে এক দানৱীয় ৰূপ ধাৰণ কৰিলে। নদীখনৰ জলপৃষ্ঠ কেইবাফুট বাঢ়ি গৈছিল। নদীখনৰ গাতে লাগি থকা অঞ্চলটোত হঠাৎ বানপানীয়ে খুন্দা মাৰিছিল এটা সেনা শিবিৰ। এই ঘটনাত ২২জন সেনা জোৱান নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।