নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : এইবাৰ কাছাৰ আৰক্ষীয়ে বিপুল পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। কাছাৰ জিলা আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে কাটিগৰৰা কালাইনৰ দিগৰখালৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত নিচাজাতীয় সামগ্ৰী গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বিশেষ অভিযান চলাই টি আৰ-০১ এআৰ-১৮১৫ নম্বৰৰ এখন ডাম্পাৰ আটক কৰি ১৭০৫ কিলোগ্ৰাম সন্দেহজনক গাঞ্জা উদ্ধাৰ কৰিছে । ক’লা বজাৰত এই নিচাজাতীয় গাঞ্জাৰ দাম প্ৰায় ছয় কোটি টকা হ’ব। নিচাজাতীয় সামগ্ৰীখিনি ওচৰৰ ৰাজ্যৰ পৰা অবৈধভাৱে পৰিবহণ কৰা হৈছিল। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক গৌতম তালুকদাৰ