বিশেষ বার্তা, ৫ অক্টোবৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজৰ বাবে মুকলি কৰা ৪খন আঁচনি সমাপ্ত হ’বলৈ মাজত মাত্র ৯টা দিন বাকী৷ অহা ১৫ অক্টোবৰ ডেডলাইন হিচাপে লৈ মহানগৰীৰ বিভিন্ন প্রান্তত ব্যাপক সজাগতামূলক অনুষ্ঠান অব্যাহত ৰাখিছে কামৰূপ জিলাৰ পৰিবহণ বিভাগে৷ যিসকল লোকে এইপর্যন্ত কাগজৰ ড্ৰাইভিং লাইচেন্স আৰু আৰ চি ডিজিটেল কৰা নাই, তেওঁলোকৰ হাতত আছে মাত্র কেইটামান দিন৷ ১৫ অক্টোবৰৰ ভিতৰত যিসকল লোকে কাগজৰ ড্ৰাইভিং লাইচেন্স আৰু আৰ চি স্মার্ট কার্ড নকৰে, তেওঁলোকে ১৫ অক্টোবৰৰ পিছত নাপাব এই সুবিধা৷ আজি মহানগৰীৰ ফাঁচীবজাৰত এক সজাগতামূলক সভাত অংশ লৈ এই মন্তব্য কৰে জিলা পৰিবহণ বিষয়া হিমাংশু দাসে৷ তেওঁ লগতে কয় যে যিসকল বাণিজ্যিক বাহনৰ গৰাকীয়ে বছৰ বছৰ ধৰি যান–বাহনৰ কৰ আদায় দিয়া নাই, তেওঁলোককো এইবাৰ ৩ মাহৰ সুযোগ দিছে ৷ বিশেষ ৰেহাইৰ জৰিয়তে কৰ পৰিশোধ কৰিবলৈ এক সুন্দৰ সুযোগ সকলোৱে পাইছে, কিন্তু এই সুবিধা পায়ো যিসকলে গ্রহণ কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে ১৫ অক্টোবৰৰ পিছত জোৰদাৰ গতিত চলিব অভিযান ৷