নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত একেটা পেট্ৰ’ল পাম্প দুজনক বিক্ৰীক কেন্দ্ৰ কৰি সংঘাত

🔹 পাম্পটোৰ গৰাকীৰ বিৰুদ্ধে সংবাদমেল ভুক্তভোগীৰ
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : দক্ষিণ কামৰূপৰ  বকোত এটা পেট্ৰল পাম্প দুজন লোকক বিক্ৰীক কেন্দ্ৰ কৰি তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে।  উপায়হীন হৈ পেট্ৰ’ল পাম্পটো ক্ৰয় কৰা ছয়গাঁৱৰ বিপুল কলিতাই আজি এখন সংবাদ মেলৰ আয়োজন কৰি আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে । বকোৰ এম এছ ছাৰ্ভিচ চেণ্টাৰ নামৰ পেট্ৰ’ল পাম্পটো ক্ৰয় কৰা বিপুল কলিতাই আজি সংবাদ মেল সম্বোধন কৰি বকো আৰক্ষী থানাই পেট্ৰ’ল পাম্পটো বিক্ৰীৰ নামত বিপুল কলিতাক প্ৰৱঞ্চনা কৰা দীপান্বিতা কলিতাৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰা বুলি সংবাদ মেলত সদৰী কৰে। এই ক্ষেত্ৰত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । বিপুল কলিতাই লগতে জানিবলৈ দিয়া মতে, দীপান্বিতা কলিতাই এছ বি আই বেংকৰ চেক নম্বৰ- ৫৯৭৫২১ৰ যোগেদি ৩৫ লাখ ৫০ হাজাৰ টকা বিপুল কলিতাৰ পৰা লৈ শেষত প্ৰৱঞ্চনা কৰাত যোৱা ১৫ ছেপ্টেম্বৰত বিপুল কলিতাই দীপান্বিতা কলিতাৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল কৰিছিল । কিন্তু ২০ দিন উকলি যোৱাৰ পিছতো বকো আৰক্ষীয়ে দীপান্বিতা কলিতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰত বিপুল কলিতাই ৰহস্যৰ গোন্ধ পাইছে বুলিও ক্ষোভ উজাৰে । আনহাতে, পেট্ৰ’ল পাম্পটো থকা প্ৰায় ডেৰ বিঘা মাটিৰ মালিক দণ্ডেশ্বৰ ৰাভাই পেট্ৰ’ল পাম্পটো কৰাৰ বাবে দীপান্বিতা কলিতাৰ শাহুৱেক প্ৰয়াত ভাৰতী কলিতাক দিছিল। ভাৰতী কলিতাৰ মৃত্যুৰ পিছত বোৱাৰীয়েক দীপান্বিতা কলিতাই পেট্ৰ’ল পাম্পটো লাভ কৰাত দণ্ডেশ্বৰ ৰাভাৰ বিশেষ আপত্তি নাছিল যদিও দীপান্বিতা কলিতাই দণ্ডেশ্বৰ ৰাভাক নজনোৱাকৈ আন মানুহৰ ওচৰত বিক্ৰী কৰাত আপত্তি থকা বুলি দোহাৰি পাম্পটো বিপুল কলিতাক দিব লাগে বুলিও দাবী জনায়। মাটিৰ মালিক দণ্ডেশ্বৰ ৰাভাই শীঘ্ৰেই পেট্ৰ’ল পাম্পটো বন্ধ কৰি তেওঁৰ মাটিখিনি মোকলাই দিবলৈ আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে। ইফালে, বিবদমান পেট্ৰ’ল পাম্পটো বৰ্তমান বন্ধ ৰখাৰ বাবেও দাবী জনাইছে ভুক্তভোগী বিপুল কলিতাই। উল্লেখযোগ্য যে বকোৰ টুৰুকপাৰাগাঁৱত থকা এম এছ ছাৰ্ভিচ চেণ্টাৰ নামৰ পেট্ৰ’ল পাম্পটো দীপান্বিতা কলিতা নামৰ মহিলাগৰাকীয়ে প্ৰথমে ছয়গাঁৱৰ বিপুল কলিতাৰ পৰা ১ কোটি ২০ লাখ টকাত বন্দৱস্ত কৰি আগধন হিচাপে দীপান্বিতা কলিতাই ৩৫ লাখ ৫০ হাজাৰ টকাও লৈছে। এজনৰ পৰা আগধন লৈ পিছত আন এগৰাকী লোকৰ ওচৰত অধিক ধনৰ লালসাত পাম্পটো বিক্ৰী কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ সংঘাত ।
প্ৰেৰক ভগৱান দাস
You might also like