মানৱসহিত মহাকাশ অভিযান গগনযানৰ আলোকচিত্র মুকলি ইছৰ’ৰ
বিশেষ বাৰ্তা, ৭ অক্টোবৰ : ভাৰতৰ মানৱসহিত প্রথম মহাকাশ অভিযান গগনযানৰ আলোকচিত্র মুকলি কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে৷ চন্দ্রৰ দক্ষিণ মেৰুত ইতিহাস সৃষ্টিৰে চন্দ্রযান–৩ অৱতৰণ কৰোৱাৰ পিছত সূর্য অভিযান ‘আদিত্য এল–১’ উৎক্ষেপণৰ পিছত এইবাৰ ইছৰ’ৱে বহু প্রত্যাশিত দেশৰ প্রথম মানৱসহিত মহাকাশ অভিযান গগনযানৰ আলোকচিত্র মুকলি কৰি ২০২৪ৰ ডিচেম্বৰত মহাকাশচাৰীসহ এই যান প্রেৰণ কৰিব বুলি প্রকাশ কৰিছে৷ শীঘ্রে এই যানখনৰ পৰীক্ষণ আৰম্ভ কৰা হ’ব বুলিও প্রকাশ কৰিছে ইছৰ’ৱে৷