নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিকিমত অব্যাহত অবৰ্ণনীয় ধ্বংসলীলা

বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীত হঠাতে হোৱা বানপানীৰ পিছতো অব্যাহত আছে ধাৰাবাহিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা। পৰিস্থিতি এনেকুৱা যে এতিয়াও বোকা আৰু ধ্বংসাৱশেষৰ পৰা মৃতদেহ উলিয়াই অনা হৈছে। তথ্য অনুসৰি ছিকিমৰ বানপানীত এতিয়ালৈকে ৫৬টা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে যোৱা তিনি দিন ধৰি নিৰুদ্দেশ হোৱা ৬২জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। শনিবাৰে সন্ধিয়া ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়া নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ৮১ জনলৈ হ্ৰাস পাইছে, যাৰ বাবে অনুসন্ধান অভিযান পূৰ্ণগতিত চলি আছে। ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি ছিকিমৰ বানপানীত এতিয়ালৈকে ৫৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে পশ্চিমবংগৰ তিস্তা নদী অৱবাহিকাৰ পৰা উদ্ধাৰ হৈছে ৩০টাতকৈও অধিক মৃতদেহ। ২২জন সেনা জোৱান নিৰুদ্দেশ হৈ থকাৰ বিপৰীতে ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। একে সময়তে এছ এছ ডি এম এয়ে জনোৱা মতে, বুধবাৰে পুৱত নিশা ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ সৃষ্টি হোৱা বানপানীৰ বাবে ৰাজ্যৰ চাৰিখন জিলাত ৪১,৮৭০জন লোক ক্ষতিগ্ৰস্ত হৈছে, মংগন জিলাই দুৰ্যোগৰ বোজা বহন কৰিবলগীয়া হৈছে, য’ত প্ৰায় ৩০,৩০০ লোকে ক্ষতিগ্ৰস্ত হৈছে দুৰ্যোগৰ ফলত প্ৰভাৱিত হৈছে। বিষয়াসকলৰ মতে, সেইদিনা নিৰুদ্দেশ হোৱা সেনাবাহিনীৰ ৩৯খন বাহনৰ ভিতৰত ১৫খন কেইবা ফুট দ বোকাত উদ্ধাৰ কৰা হৈছে। পিটিআই সংস্থাৰ তথ্য অনুসৰি ছিকিমৰ মংগন জিলাৰ লাচেন আৰু লাচুঙত ক্ষন্তেকীয়া বানপানীৰ ফলত আবদ্ধ হৈ থকা ৩ হাজাৰৰো অধিক পৰ্যটক নিৰাপদ বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ভাৰতীয় বায়ুসেনাই মি-১৭ হেলিকপ্টাৰেৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ কেইবাবাৰো চেষ্টা চলাইছিল যদিও বতৰ বেয়াৰ বাবে বাগডোগ্ৰাৰ লগতে চাটেনৰ পৰাও বিমান সেৱা চলাব পৰা নাছিল। স্থানীয় প্ৰশাসনৰ লগতে সেনাই আৱদ্ধ পৰ্যটক আৰু স্থানীয় ৰাইজক খাদ্য, চিকিৎসা সাহায্য আৰু চেটেলাইট টাৰ্মিনেলৰ জৰিয়তে টেলিফোন সংযোগৰ ব্যৱস্থা কৰি সাহায্য প্ৰদান কৰি আছে।

You might also like