🔹 ৰাজপথত জিলিকিল বাৰেৰহণীয়া সংস্কৃতি
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : পুৱাতেই ৰঙীন হৈ পৰিল আজি ঢকুৱাখনাৰ ৰাজপথ। ১৯৯৮ চনত প্ৰতিষ্ঠা হোৱা ঢকুৱাখনা মহকুমাৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা বি এড কলেজৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী সমাৰোহৰ আজি তৃতীয় তথা অন্তিম দিনা সমগ্ৰ ঢকুৱাখনা নগৰতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণী অনুষ্ঠান উপলক্ষে দেওবাৰে কলেজখনৰ ন-পুৰণি প্ৰশিক্ষাৰ্থীসকলে ঢকুৱাখনাৰ ৰাজপথত উলিয়ায় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । পুৱা ১০.৩০ বজাত এক উখল-মাখল পৰিৱেশত আয়তীৰ উৰুলি ধ্বনিৰ মাজত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে।
বিভিন্ন বেশভূশাৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰশিক্ষাৰ্থীসকলে।
বৰ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ সমাহাৰ ঘটে এই সাংস্কৃতিক শোভাযাত্ৰাত।প্ৰতিটো জাতি-জনগোষ্ঠীৰ সংস্কৃতি উপস্থাপন কৰাৰ প্ৰয়াস কৰে প্ৰশিক্ষাৰ্থীসকলে। সত্ৰীয়া সংস্কৃতিৰ পৰা আৰম্ভ কৰি ভাগৱত শোভাযাত্ৰা, ভাওনা, দিহানাম, কৃষিকৰ্মৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান, বড়ো, মিচিং, কছাৰী, নেপালী সকলোৰে কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হয় এই শোভাযাত্ৰাত।পৰিৱেশ সুৰক্ষা, পলুৰ জীৱন চক্ৰ, টকা বিহু, মহাহো, বিজয়া দশমী আদি অসংখ্য বিষয়ৰ প্ৰতীকী ৰূপে ঢকুৱাখনা নগৰৰ আকাশ-বতাহ জীপাল কৰি তোলে। কলেজ চৌহদৰ পৰা ঢকুৱাখনা নগৰৰ মাজেৰে যোৱা এই বৰ্ণিল শোভাযাত্ৰাত আজি হাজাৰৰো অধিক ন-পুৰণি প্ৰশিক্ষাৰ্থীসকলৰ লগতে প্ৰশিক্ষক, কৰ্মচাৰী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজে অংশগ্ৰহণ কৰে । দৃষ্টিনন্দন শোভাযাত্ৰা এপলক হ’লেও চাই ৰয় বাটৰুৱাই।
প্ৰেৰক পুলকজ্যোতি বৰা