চৰকাৰী বাহিনীৰ বোমাবর্ষণঃ ছিৰিয়াৰ ইডলিবত ৯ লাখ লোকৰ ঘৰ এৰি পলায়ন
নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াৰ পূর্বোত্তৰ ইডলিব প্রদেশৰ বিদ্রোহী নিয়ন্ত্রিত অঞ্চলত দেশখনৰ সেনাৰ অভিযান বৃদ্ধি পোৱাৰ লগে লগে ৰাষ্ট্রসংঘকে ধৰি বিভিন্ন দাতব্য সংস্থাৰ সাহায্য অভিযানলৈ আহি পৰিছে প্রত্যাহ্বান ৷ শেহতীয়াকৈ বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে সদৰী কৰা অনুসৰি যোৱা ডিচেম্বৰ মাহৰ পৰা ইডলিবৰ পৰা ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে ৯ লাখ লোকে ৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে মহিলা আৰু শিশু ৷ ৰাষ্ট্রসংঘৰ শেহতীয়া প্রতিবেদন অনুসৰি চৰকাৰী বাহিনীৰ বোমাবর্ষণৰ ফলত ইডলিবত বহু স্বাস্থ্য কেন্দ্র আৰু শিক্ষা প্রতিষ্ঠান বিধ্বস্ত হৈছে ৷ অঞ্চলটোত ছিৰিয়াৰ ৰাষ্ট্রপতি বাছাৰ আল–আছাদে অভিযান তীব্রতৰ কৰাৰ সংকল্প লোৱাৰ পিছতে ৰাষ্ট্রসংঘই ভয়াৱহ মানৱীয় সংকট সৃষ্টি হ’ব বুলি সতর্কবাণী কৰিছিল ৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ এই সতর্কবাণীৰ সত্যতা প্রমাণিত হৈছে৷ চলিত মাহত এলেপ্প’ আৰু ইডলিবক সম্পূর্ণ মুক্ত কৰাৰ বাবে ছিৰিয়ান বাহিনীয়ে আক্রমণ বৃদ্ধি কৰিছে ৷ এই আক্রমণৰ ফলত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে অসামৰিক লোকসকল ৷ লক্ষণীয়ভাৱে দেশখনত শেহতীয়াকৈ ইডলিবেই বিদ্রোহীৰ শক্তিশালী হিচাপে চিহ্ণিত হৈছে ৷ গতিকে ইডলিবৰ পৰা বিদ্রোহী যোদ্ধাসকলক খেদি পঠিওৱাৰ সংকল্প লৈছে আছাদে ৷ এইক্ষেত্রত ৰাছিয়াই ছিৰিয়ান বাহিনীক সহযোগিতা আগবঢ়োৱাৰ লগে লগে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মস্কো প্রশাসনক সংযত হ’বলৈ সকীয়নি দিছে ৷