নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত ভকতিদুৱাৰ তিনিআলিস্থ এছ বি আই গ্ৰাহক সেৱা কেন্দ্ৰত দিন-দুপৰতে এক চুৰি কাণ্ড সংঘটিত হয় ৷ কালি দিনৰ ১২ মান বজাত সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, গ্ৰাহক সেৱা কেন্দ্ৰটিৰ স্বত্বাধিকাৰী নৃপেন খাউণ্ড ঘৰলৈ ভাত খাবলৈ যোৱাৰ সময়তে গ্ৰাহক সেৱা কেন্দ্ৰটিৰ পিছফালৰ দৰ্জাৰ হুক এডাল লোৰ চাবুলেৰে ভাঙি চুৰি কাণ্ড সংঘটিত কৰে ৷ স্বত্বাধিকাৰী নৃপেন খাউণ্ডে জানিবলৈ দিয়া মতে, তেওঁৰ ধনৰ বাকচৰ পৰা ত্ৰিশ হাজাৰৰো অধিক ধন চোৰে লৈ উধাও হয় ৷ কাষৰ দুখন দোকানৰ ব্যৱসায়ী দুজনো কালি দিনৰ ১২ বজাৰ পৰা প্ৰায় তিনি বজালৈকে দোকানত নথকাৰ সুযোগ চোৰে গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ ইফালে, আজি ভকতিদুৱাৰ তিনিআলিত জেংৰাইমুখ আৰক্ষীৰ এটি দল উপস্থিত হৈ চুৰি কাণ্ডৰ প্ৰথমিক তদন্ত কৰাৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা চোৰে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা লোৰ চাবোলডাল জব্দ কৰি নিয়ে ৷ পৰৱৰ্তী সময়তহে আৰক্ষীৰ অনুসন্ধানত চুৰি কাণ্ডৰ তথ্য পোহৰলৈ আহিব ৷ ইফালে, অঞ্চলৰ সচেতন মহলে সঘনাই চুৰি কাণ্ড সংঘটিত হৈ থকা ভকতিদুৱাৰ অঞ্চলত আৰক্ষীৰ চোকা নজৰৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড