নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাৱৰ বিস্ফোৰণত বিধ্বস্ত ছিকিমত আবদ্ধ ১৪২ শিক্ষার্থীক উদ্ধাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰ : ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত সৃষ্টি হোৱা প্রলয়ংকৰী বানত আবদ্ধ অসমৰ ১৪২জন শিক্ষার্থীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে৷ অসম চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰি এই শিক্ষার্থীসকলক উদ্ধাৰ কৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে জলপাইগুৰিলৈ লৈ আহে৷ ইয়াৰ পৰাই তেওঁলোকক গুৱাহাটী অভিমুখে লৈ অহা হৈছে বুলিও জানিব পৰা গৈছে৷ ছিকিমৰ ৰংপ’ আৰু মাজিটাৰত ৰাজ্যৰ ১৬০জন শিক্ষার্থী আবদ্ধ হৈ আছিল৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীৰ নির্দেশ মর্মে আবদ্ধ শিক্ষার্থীসকলক উদ্ধাৰ কার্য নিৰীক্ষণ কৰিবলৈ তিনিজন জ্যেষ্ঠ চৰকাৰী বিষয়াক নিয়োগ কৰা হয়৷ এন এন দাহাল, দেৱাশিস বৰা আৰু হিমাংশুৰ নেতৃত্বত যোৱা চৰকাৰী বিষয়াৰ দলটোৱে বানবিধ্বস্ত ছিকিমত আবদ্ধ হৈ থকা শিক্ষার্থীসকলক উদ্ধাৰ আৰু সন্ধান কার্য নিৰীক্ষণ কৰে ৷ ইয়াৰ পাছতে তেওঁলোকক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হয়৷ আজিৰ ভিতৰতে কেইবাগৰাকীও শিক্ষার্থী গুৱাহাটীৰ লগতে নিজৰ নিজৰ বাসগৃহত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা অনুসৰি ছিকিমৰ ৰংপ’ আৰু মাজিটাৰত ১৬০জন শিক্ষার্থী আবদ্ধ হৈ আছিল৷ উল্লেখ্য যে যোৱা ৪ অক্টোবৰত ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ বাঢ়নী পানীয়ে ছিকিমত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰে৷ ভাৰতীয় সেনাৰ কেইবাজনো জোৱানসহ ডেৰশতকৈও অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে৷ ইতিমধ্যে বানবিধ্বস্ত ৰাজ্যখনত সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে৷ ছিকিমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০জনলৈ বৃদ্ধি পাইছে৷

You might also like