নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহৰুখলৈ Y+ কেটেগৰীৰ নিৰাপত্তা মহাৰাষ্ট্ৰ চৰকাৰৰ

বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে শ্বাহৰুখ খানৰ নিৰাপত্তা Y+ শ্ৰেণীলৈ উন্নীত কৰিছে। এই নিৰাপত্তা সেৱা ব্যক্তিগত পুঁজিৰে চলিব আৰু ইয়াৰ লগত আহিবলগীয়া আনুষংগিক খৰচ বহন কৰাৰ দায়িত্ব নিজেই ল’ব কিং খানে। সাধাৰণতে উচ্চ ভাবুকিৰ ধাৰণাৰ সৈতে মোকাবিলা কৰা লোকসকলক Y+ নিৰাপত্তা দিয়া হয়। ‘পাঠান’ আৰু ‘জোৱান’ ছবিৰ ব্লকবাষ্টাৰ সফলতাৰ পিছত বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছতে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে শ্বাহৰুখ খানক Y+ প্ৰদান কৰিছে। এই ভাবুকিৰ উদ্ধৃতি দি লিখিত অভিযোগ ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰা হয়। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি আই জি ভি আই পি ছিকিউৰিটিয়ে শ্বাহৰুখ খানৰ নিৰাপত্তা উন্নীত কৰে। নিৰাপত্তা সেৱা ব্যক্তিগত পুঁজিৰে চলিব, আৰু ইয়াৰ লগত আহিবলগীয়া আনুষংগিক খৰচ বহন কৰাৰ দায়িত্ব নিজেই ল’ব শ্বাহৰুখে। এই ধনৰাশি ৰাজ্য চৰকাৰক দিব লাগিব অভিনেতাজনে। সাধাৰণতে উচ্চ ভাবুকিৰ ধাৰণাৰ সৈতে মোকাবিলা কৰা লোকসকলক Y+ নিৰাপত্তা দিয়া হয়। ইয়াৰ ভিতৰত আছে ২৪ ঘণ্টাই তিনিটা শ্বিফটত কাম কৰা ছয়জন ব্যক্তিগত নিৰাপত্তা বিষয়াৰ লগতে ব্যক্তিজনৰ বাসগৃহত নিয়োজিত পাঁচজন সশস্ত্ৰ প্ৰহৰী। উল্লেখ্য যে ছলমান খানৰ Y+ নিৰাপত্তা আছে। লৰেন্স বিষ্ণোই গেঙৰ ভাবুকিৰ সন্মুখীন হোৱাৰ পিছত তেওঁক এই স্তৰৰ সুৰক্ষা দিয়া হৈছিল। শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় গুপ্তাই ছ’চিয়েল মিডিয়াত কিং খানৰ জৱানক প্ৰশংসা কৰাৰ লগতে গেংষ্টাৰৰ ভাবুকিকে ধৰি জীৱনৰ প্ৰত্যাহ্বানসমূহ সহ্য কৰাৰ বাবে খানৰ দৃঢ়তাক শলাগ লয়। শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ থ্ৰিলাৰ ‘জৱান’-এ শেহতীয়াকৈ বিশ্বব্যাপী বক্স অফিচত ১১০৩.২৭ কোটি টকা উপাৰ্জন কৰিছে বুলি প্ৰডাকচন হাউছ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে প্ৰকাশ কৰিছে। ৭ ছেপ্টেম্বৰত বিশ্বজুৰি তিনিটা ভাষাত (হিন্দী, তামিল আৰু তেলুগু) ছবিখন মুক্তি পাইছিল। ছবিখনে বক্স অফিচত কেইবাটাও অভিলেখ ভংগ কৰে। এটলীৰ পৰিচালনাৰ এই ছবিখনে বিশ্বজুৰি ১১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হয়। এক প্ৰেছ বিজ্ঞপ্তিযোগে ছবিখনৰ নিৰ্মাতাসকলে প্ৰকাশ কৰে যে ‘জৱান’-এ ঘৰুৱা বজাৰত ৭৩৩.৩৭ কোটি আৰু বহিঃৰাজ্যৰ বজাৰত ৩৬৯.৯০ কোটি টকা উপাৰ্জন কৰি ছবিখনৰ সফলতাক একপ্ৰকাৰৰ কৰি তুলিছে।

You might also like