নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ অসমলৈ হ্ৰাস আমদানিকৃত চীনা সামগ্ৰী

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বিশ্ববাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰা সংহাৰী ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো । চীনত ভয়াৱহ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ ব্যাপক প্ৰভাৱ পৰিছে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰতো । কিয়নো অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত আছে চীনা সামগ্ৰীৰ এখন বৃহৎ বজাৰ । বিশেষকৈ মটৰ পাৰ্টছ, কাপোৰ-কানি, প্ৰসাধন সামগ্ৰী, জোতা, পুতলা, উপহাৰৰ সা-সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ আমদানি কৰা হয় চীনৰ পৰা । একেদৰে মোবাইলকে ধৰি ইলেক্ট্ৰনিক বজাৰখনতো চীনৰ সামগ্ৰীৰ আছে এক বৃহৎ অংশীদাৰিত্ব ৷ এনে সময়ত ক’ৰোনা ভাইৰাছৰ সংহাৰৰ প্রতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত ব্যৱসায়িক লেনদেন সীমিত হৈ পৰাৰ ফলত হ্রাস পাইছে এই সামগ্রীসমূহৰ আমদানি ৷ এই কথা সদৰী কৰিছে উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰৰ একাংশ ব্যৱসায়ীয়ে৷ অৱশ্যে প্রত্যক্ষভাৱে অসমৰ ব্যৱসায়ীয়ে চীনৰ পৰা সামগ্রী আমদানি নকৰে ৷

শিলিগুৰি, পশ্চিমবংগ আৰু দিল্লীৰ ব্যৱসায়ীৰ জৰিয়তে চীনৰ সা–সামগ্রী আমদানি কৰা হয় ৰাজ্যৰ বজাৰলৈ ৷ শিলিগুৰিত ৫০০তকৈয়ো অধিক ব্যৱসায়ীয়ে চীনৰ সা–সামগ্রী আমদানি কৰি উত্তৰ–পূর্বাঞ্চলৰ লগতে দেশৰ আন প্রান্তলৈ যোগান ধৰে ৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শিলিগুৰিৰ ব্যৱসায়ীসকলে প্রত্যাহাৰ কৰিছে চীনৰ বজাৰৰ পৰা সামগ্রী ক্রয়ৰ বাবে প্রদান কৰা অর্ডাৰ৷ বিশেষকৈ শিলিগুৰিৰ ব্যৱসায়ীসকল চীনলৈ যাব নোৱাৰাৰ বাবে সামগ্রী ক্রয়ৰ ক্ষেত্রত এই বাধাৰ সৃষ্টি হৈছে ৷ যাৰ ফলত অসমৰ বজাৰত ইয়াৰ ব্যাপক প্রভাৱ পৰিলক্ষিত হৈছে ৷ শিলিগুৰিৰ ব্যৱসায়ীসকলে চীনা সামগ্রীৰ আমদানি বন্ধ কৰাৰ লগে লগে অসমৰ বজাৰতো এই সামগ্রীসমূহৰ যোগান আপোনা–আপুনি বন্ধ হৈ পৰিছে ৷ একেদৰে ম’বাইল, এলইডি লাইটকে ধৰি ইলেকট্র’নিক সা–সামগ্রীৰ বজাৰখনতো ইয়াৰ প্রভাৱ পৰিলক্ষিত হৈছে ৷ ভাৰতৰ বিভিন্ন স্থানত থকা চীনা সামগ্রীৰ উৎপাদন কেন্দ্রসমূহত ক্রমাৎ উৎপাদন হ্রাস পোৱাৰ ফলত আগন্তুক সময়ত এই সামগ্রীৰ যোগানো কমি অহাটো নিশ্চিত হৈ পৰিছে৷ ফলত বিভিন্ন সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ শংকা প্রকাশ কৰিছে ব্যৱসায়ী মহলে৷ ফাঁচীবজাৰৰ একাংশ ব্যৱসায়ীয়ে প্রকাশ কৰা অনুসৰি ক’ৰোনা ভাইৰাছ আগন্তুক তিনি–চাৰি মাহৰ ভিতৰত নিয়ন্ত্রিত অৱস্থালৈ নাহিলে মটৰ পার্টছ, লাইট আদিৰ দৰে সামগ্রীৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাব ৷

সমান্তৰালভাৱে চীনৰ পৰা অসমৰ বজাৰলৈ ব্যাপকভাৱে আমদানি কৰা ঔষধৰো আগন্তুক সময়ত মূল্য বৃদ্ধিৰ লগতে নাটনি হোৱাৰ আশংকা কৰা হৈছে৷ ঔষধজাতীয় সামগ্রীৰ লগতে ঔষধ নির্মাণত ব্যৱহাৰ হোৱা উপাদানো আমদানি কৰা হয় চীনৰ পৰা৷ ইয়াৰ ফলত ঔষধ প্রস্তুত কৰা কোম্পানীসমূহত প্রভাৱ পৰাটো নিশ্চিত৷ যাৰ বাবে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে৷ উল্লেখ্য যে চীনৰ পৰা বৈধভাৱে অহা সা–সামগ্রীৰ উপৰি স্মাগলিং হৈ অহা সামগ্রীৰো অসমত আছে এখন বৃহৎ বজাৰ৷ কাপোৰ–কানিৰ পৰা আৰম্ভ কৰি লাইট, ইলেকট্র’নিক সা–সামগ্রী, পুতলা আদি বৃহৎ হাৰত বেআইনীভাৱে আমদানি কৰা হয় উত্তৰ–পূবৰ বজাৰলৈ৷ শিলিগুৰি, দিল্লী, মুম্বাইৰ এজেণ্টে চীনা সামগ্রীৰ এই অবৈধ বজাৰখন চলাই আহিছে ৷ চীনত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ লোৱাৰ ফলত এই স্মাগলিঙৰ বজাৰখনতো প্রভাৱ পৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে ক’ৰোনা ভাইৰাছত চীনৰ সত্তৰ হাজাৰতকৈয়ো অধিক লোক আক্রান্ত হৈছে৷ আক্রান্তৰ ১৮০০তকৈয়ো অধিক ব্যক্তিৰ ইতিমধ্যে মৃত্যু ঘটিছে৷ ভয়াৱহ ৰূপ লোৱা এই মাৰাত্মক ভাইৰাছ নিয়ন্ত্রণত এইপর্যন্ত সফল হ’ব পৰা নাই চীন৷ সমান্তৰালভাৱে চীনৰ পৰা আন দেশলৈয়ো বিয়পিছে এই ভাইৰাছ ৷ যাৰ ফলত বিশ্বৰ বিভিন্ন দেশে চীনৰ সৈতে বন্ধ কৰিছে যোগাযোগ ব্যৱস্থা ৷ ভাৰতেও প্রতিৰোধমূলক ব্যৱস্থা হিচাপে চীন ভ্রমণ কৰা ব্যক্তিক দেশৰ প্রতিটো বিমানবন্দৰত নিৰীক্ষণৰ ব্যৱস্থা কৰিছে৷ একেদৰে চীনত থকা বিভিন্ন প্রতিষ্ঠানৰ কল–কাৰখানাসমূহ সাম্প্রতিক পৰিস্থিতিৰ বাবে বন্ধ ৰাখিছে সংশ্লিষ্ট কর্তৃপক্ষই৷ ফলত ম’বাইল, কাপোৰ–কানি, ইলেক্ট্র’নিক সা–সামগ্রী, মটৰ পার্টছ আদিৰ উৎপাদন আগন্তুক সময়ত হ্রাস পোৱাটো একপ্রকাৰ নিশ্চিত৷ এনে পৰিপ্রেক্ষিতত দেশৰ আন প্রান্তৰ লগতে অসমৰ বজাৰো ভৱিষ্যতে এক গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আজি নতুন দিল্লীত ফার্মা, সৌৰ আৰু ৰাসায়নিক উদ্যোগত ক’ৰোনা ভাইৰাছৰ সংহাৰৰ প্রভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণেও৷ বিশেষকৈ বেইজিঙৰ পৰা কেঁচা সামগ্রী যোগানৰ ক্ষেত্রত সমস্যাৰ উদ্ভৱ হ’ব পাৰে বুলি তেওঁ আশংকা প্রকাশ কৰে৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপৰ ফলত ঘৰুৱা উদ্যোগত পৰিব পৰা প্রভাৱ প্রতিৰোধ কৰাৰ বাবে শীঘ্রে ভাৰত চৰকাৰে এলানি ব্যৱস্থা গ্রহণ কৰিব বুলিও তেওঁ সদৰী কৰে৷ ইয়াৰ বাবে কাইলৈ বিভিন্ন বিভাগৰ সচিবৰ সৈতে এক বৈঠকত মিলিত হ’ব সীতাৰমণ৷ পৰৱর্তী সময়ত প্রধানমন্ত্রীৰ কার্যালয়ৰ সৈতে আলোচনাৰ অন্তত পদক্ষেপসমূহ ঘোষণা কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷

You might also like