🔹 লোকসভা নির্বাচনত অগপক দুখন–ইউপিপিএলক এখন আসন এৰি দিয়াৰ ইংগিত মুখ্যমন্ত্রীৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ অক্টোবৰ : আগন্তুক লোকসভা নির্বাচনত মিত্রদল অগপ আৰু ইউপিপিএলক বিজেপিয়ে কিমানখন আসন এৰি দিব তাক লৈ চলি থকা চর্চাৰ মাজতে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এটা তাৎপর্যপূর্ণ মন্তব্য কৰিলে৷ কোকৰাঝাৰ আৰু চিৰাঙত কেইবাটাও কার্যসূচীত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য– সমিলমিলৰ মাজেৰে আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা হ’ব৷ অগপক দুখন আসন আৰু ইউপিপিএলক এখন আসন এৰি দি ৯খন আসনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব৷ লোকসভা নির্বাচনক লৈ মুখ্যমন্ত্রী ড০ শর্মাই দৃঢ় মন্তব্যৰে এইবুলিও উল্লেখ কৰে যে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিত বিজয় নিশ্চিত৷ বিৰোধীৰ কোনো প্রতিদ্বন্দ্বিতাই নাথাকিব৷ মন কৰিবলগীয়া যে লোকসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে ইতিমধ্যে কংগ্রেছৰ নেতৃত্বত গঠন হৈছে বিৰোধী মর্চা৷ আনকি কংগ্রেছে এইবাৰ নির্বাচনত বিজেপিৰ দখলত থকা ৫খন আসন কাঢ়ি আনিব বুলিও দাবী কৰিছে৷ কংগ্রেছৰ এনে দাবীৰ বিপৰীতে মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য– অৰুণোদয়ৰ বতাহত কংগ্রেছ আৰু বিৰোধী দল উৰি যাব৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই এইবুলিও উল্লেখ কৰে– বিজেপি–অগপ–ইউপিপিএলক বাদ দি অৰুণোদয়ৰ বতাহত কংগ্রেছকে ধৰি অন্যান্য বিৰোধী দলসমূহ উৰি যাব৷ প্রতিটো সমষ্টিতে আমাক ৱাকভাৰ দিব লাগিব বিৰোধীয়ে৷ অৰুণোদয়ৰ দ্বিতীয় পর্যায়ৰ পিছত ১৩ অক্টোবৰত চাইকেল বিতৰণ কৰা হ’ব৷ ১৬ অক্টোবৰত মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই, নৱেম্বৰত ছাত্র–ছাত্রীক স্কুটী প্রদান, ২ লাখ যুৱক–যুৱতীক ২ লাখকৈ ঋণ প্রদান, ৪০ হাজাৰ আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰ টকাৰ অনুদান আৰু পুনৰ ২২ হাজাৰ চাকৰি প্রদান– এইবোৰৰ ধুমুহাত অসমত কোন বিৰোধী দল তিস্তি থাকিব৷ মুখ্যমন্ত্রীয়ে নির্বাচন সন্দর্ভত কালি কৰা মন্তব্যৰ সমান্তৰালকৈ আগন্তুক নির্বাচনত অগপই যিকোনো প্রকাৰে এজন প্রার্থীক জয়যুক্ত কৰোৱাৰ লক্ষ্য বান্ধি লৈছে৷ আনকি অগপৰ শীর্ষ নেতৃত্বই মুকলিকৈ এইবুলিও মন্তব্য কৰি আহিছে যে বিজেপিৰ পৰা এইবাৰ ১০০ শতাংশ জয় হ’ব পৰা আসন বিচাৰিব আঞ্চলিক দলটোৱে৷ অগপৰ এনে ঘোষণাৰ সময়তে মুখ্যমন্ত্রীয়ে মিত্রদলটোক দুখনকৈ আসন এৰি দিয়াৰ ইংগিত প্রদান কৰা বিষয়টোৱে যথেষ্ট তাৎপর্য বহন কৰিছে৷ অৱশ্যে নির্বাচনত অগপই কোন দুটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ইয়াৰ বিপৰীতে কিন্তু বিৰোধীক আগন্তুক নির্বাচনত তচনচ কৰাৰ লক্ষ্যৰে বিজেপিয়ে যে পূর্ণ পৰিকল্পনা প্রস্তুত কৰিছে, সেয়া মুখ্যমন্ত্রীৰ মন্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে৷ অৰুণোদয়, মাইক্র’ফাইনেঞ্চ, আত্মসহায়ক গোটলৈ অনুদান, স্কুলীয়া ছাত্র–ছাত্রীক স্কুটী প্রদান আদি আঁচনিৰে লোকসভালৈ বিজেপি সম্পূর্ণৰূপে যে সাজু, সেয়াও মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্টকৈ উল্লেখ কৰিলে৷