নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : যোৱানিশা তিনিচুকীয়াৰ হিজুগুৰি ঢেকীয়াজুৰি মছজিদ পট্টিত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডটো ইমানেই বিধ্বংসী আছিল যে ক্ষন্তেক সময়ৰ ভিতৰতে ১০টাৰো অধিক বাসগৃহ জুয়ে আগুৰি ধৰে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি, অগ্নিকাণ্ডটোত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয়। সেই হেতুকে জুয়ে অধিক বিধ্বংসী ৰূপ লয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ তিনিচুকীয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ বহু সময় ধৰি চলোৱা আপ্ৰাণ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও জুইত জাহ যায় দহটাৰো অধিক বাসগৃহ। ফলত অগ্নিকাণ্ডত লোকচান হয় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী। অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল, জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত তিনিচুকীয়া আৰু হিজুগুৰিৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
প্ৰেৰক বিবেক বড়া