🔴উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : জাতীয় বীৰ আহোমৰ মহান সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা অৱস্থাতে আজিমুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ স্থলিত উপস্থিত হৈ প্ৰতিমূৰ্ত্তিৰ অগ্ৰগতিৰ বুজ লয়। হোলোঙাপাৰ লাচিত মৈদামত নিৰ্মাণ হৈ থকা এই প্ৰতিমূৰ্ত্তিৰ ককালৰ অংশলৈ নিৰ্মাণ কাৰ্য চলাই আছে। মুখ্যমন্ত্ৰীয়ে জাতীয় বীৰ লাচিত মৈদামৰ সমীপত ৫২ বিঘা মাটিৰে এটা বৃহৎ এৰিয়া চাৰিবেৰ মাৰি ১২৫ ফুট ওখৰ এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়াৰ পিছত তেওঁ তৃতীয়বাৰৰ বাবে আহি প্ৰতিমূৰ্তিৰ সম্পূৰ্ণ বুজ লয়। তেওঁ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা স্থানতে আলো আলিয়া কণ্ট্ৰেক্ট ইণ্ডিয়া লিমিটেডৰ বিষয় ববীয়া আৰু অভিযন্তাসকলৰ সৈতে মিলিত হৈ তেওঁলোকৰ নক্সা লেপটপৰ জৰিয়তে চাই কামৰ সম্পূৰ্ণ বুজ লয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিমূৰ্তিটো উন্মোচন কৰিব পাৰিব যদিও বাকী মিউজিয়াম, অতিথিশালাকে ধৰি বাকীখিনি কাম ২০২৫ চনতহে হ‘ব বুলি জানিবলৈ দিয়ে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জাতীয় বীৰ লাচিত মৈদামত পোনে পোনে পোনে আহি মৈদামত চাকি বন্তি জ্বলাই পূজা পাঠ কৰে। তেওঁৰ লগতে বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছাই ভাগ লয়। ইয়াৰ পিছতে তেওঁ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ লগত মত বিনিময় কৰি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী অহাৰ লগতে ২০২৫ চনতহে কামটো সম্পূৰ্ণ হ‘ব সেই কথা ব্যক্ত কৰে। সাংবাদিকে চাৰিলেনযুক্ত পথৰ কথা সোধাত তেওঁ যোৰহাটৰ ফ”ৰলেনযুক্ত পথৰ নিৰ্মাণৰ ক্ষেতত কিছু বাধা আহিছে যদিও অচিৰেই সেই সমস্যাসমূহ সমাধান কৰি পথটোৰ কাম খৰতকীয়া হ‘ব বুলি জনায়। লাচিত মৈদামৰ সংৰক্ষণ সমিতিৰ পৰা জানিব পৰা মতে লাচিতৰ প্ৰতিমূৰ্তি ককালৰ অংশলৈকে নিৰ্মাণ কৰি থকা হৈছে যদিও কেইদিনমানৰ ভিতৰতে সম্পূৰ্ণ প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত আহি পাবহি বুলি জানিবলৈ দিয়ে।
প্ৰেৰক দিলীপ দত্ত