নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইল–হামাছৰ যুদ্ধত প্রাণ হেৰুৱালে চাৰি সহস্রাধিকে

🔹 ভাৰতীয়ক ওভতাই আনিবলৈ ‘অপাৰেচন অজয়’ আৰম্ভ

বিশেষ বাৰ্তা, ১৩ অক্টোবৰ : হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধই সাত দিনত ভৰি দিলে৷ ইজৰাইলী সেনাই গাজা ষ্ট্রীপত আকাশমার্গেৰে বোমা নিক্ষেপ কৰি ধ্বংসস্তূপত পৰিণত কৰাৰ সমান্তৰালকৈ সহস্রাধিকৰ প্রাণ কাঢ়ি নিছে৷ হামাছ সন্ত্রাসবাদীক জটিল সন্ধিক্ষণলৈ ঠেলি দিয়াৰ লক্ষ্যৰে ইজৰাইল চৰকাৰে গাজালৈ বিদ্যুৎ, ইন্ধন, খাদ্য আদি সৰবৰাহ সম্পূর্ণৰূপে বন্ধ কৰি দিয়াৰ পিছত গাজাত এতিয়া অন্ধকাৰ৷ বিদ্যুৎ যোগান সম্পূর্ণকৈ বন্ধ হৈ পৰিছে৷ হামাছ আৰু ইজৰাইলী সেনাৰ আক্রমণ–প্রত্যাক্রমণত ইতিমধ্যে গাজা আৰু ইজৰাইলত নিহতৰ সংখ্যা চাৰি সহস্রাধিক হৈছে৷ ১০ সহস্রাধিক লোক আহত হৈছে৷ আকাশমার্গেৰে গাজাত আক্রমণ চলাই ধ্বংসলীলা চলোৱা ইজৰাইলী সেনাই শেহতীয়া তথ্য মতে স্থলভাগেৰে টেংক লৈ গাজাৰ ভূমিত প্রৱেশ কৰিছে৷ গাজা ষ্ট্রীপত হামাছ সন্ত্রাসবাদীৰ শীর্ষ নেতাক লক্ষ্য কৰি ইজৰাইলী সেনাই আকাশমার্গেৰে আক্রমণ অব্যাহত ৰখাৰ সমান্তৰালকৈ স্থলভাগেৰেও হামাছক সমূলঞ্চে উৎখাতৰ লক্ষ্য লৈছে৷ হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ যুদ্ধৰ মাজতে কালি দেশখনৰ তেল আভিভত উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক সচিব এণ্টনী ব্লিনকেন৷ মার্কিন বৈদেশিক সচিবগৰাকীয়ে তেল আভিভত ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে৷ যুদ্ধ সন্দর্ভত বিতং আলোচনা কৰাৰ লগতে ইজৰাইলৰ নিৰাপত্তাৰ প্রতি ভাবুকি অহা সকলো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি ইজৰাইলক সকলো প্রকাৰে মার্কিন প্রশাসনে সহযোগ কৰিব বুলি প্রতিশ্রুতি দিয়ে ব্লিনকেনে৷ উল্লেখ্য যে অলপতে মার্কিন যুক্তৰাষ্ট্রৰ পৰা প্রথমখন অস্ত্রভর্তি বিমান ইজৰাইলত অৱতৰণ কৰিছে৷ হামাছৰ বিৰুদ্ধে ইজৰাইলে যুদ্ধ ঘোষণা কৰাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে ইজৰাইলক সকলো দিশেৰে সহায় কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে৷ যুদ্ধৰ দ্বিতীয় দিনাই আমেৰিকাই ভূমধ্য সাগৰলৈ যুদ্ধ জাহাজসহ যুদ্ধবিমান প্রেৰণ কৰে৷ ইপিনে, পশ্চিমীয়া দেশসমূহে ইজৰাইলক সমর্থন কৰাৰ প্রতি লক্ষ্য ৰাখি আৰব দেশসমূহে পেলেষ্টাইনী নাগৰিকৰ পক্ষত থিয় দিছে৷ গাজাত থকা পেলেষ্টাইনী নাগৰিকৰ ওপৰত ইজৰাইলী সেনাই চলোৱা আক্রমণ সন্দর্ভত ইউএইৰ অধ্যক্ষই ছিৰিয়া আৰু ইৰানৰ ৰাষ্ট্রপতিৰ সৈতে বার্তালাপ কৰিছে৷ ছৌদি আৰবৰ ৰাষ্ট্রীয় সংবাদ মাধ্যমে প্রকাশ কৰা মতে, ইৰানৰ ৰাষ্ট্রপতি ইব্রাহিম ৰাইজী আৰু ছিৰিয়াৰ বাশ্বাৰ আছাদৰ সৈতে টেলিফোনিক বার্তালাপ কৰিছে ইউএইৰ মুৰব্বীগৰাকীয়ে৷ এই বার্তালাপৰ সময়ত তেওঁলোকে পেলেষ্টাইনী নাগৰিকৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়াত ঐক্যবদ্ধ হ’ব বুলি আশ্বাস দিয়ে৷

ইজৰাইলত আবদ্ধ ভাৰতীয়ক ওভতাই আনিবলৈ ‘অপাৰেচন অজয়’ আৰম্ভ

যুদ্ধৰ বিভীষিকাই আচ্ছন্ন কৰি ৰখা ইজৰাইলত আবদ্ধ ভাৰতীয়ক ওভতাই আনিবলৈ ‘অপাৰেচন অজয়’ আৰম্ভ কৰিলে নতুন দিল্লীয়ে৷ পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলত আক্রমণ কৰাৰ পিছতে ৭ অক্টোবৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল কৰাৰ পিছত উক্ত দেশখনত যুদ্ধৰ বিভীষিকাৰ মাজত দিন কটাইছে ভাৰতীয়ই৷

You might also like