ইজৰাইলেই নহয়, হামাছৰ লক্ষ্য সমগ্র পৃথিৱী
🔹 কুখ্যাত পেলেষ্টাইনী সন্ত্রাসবাদী নেতাৰ ভিডিঅ’ বার্তাক লৈ চাঞ্চল্য
বিশেষ বাৰ্তা, ১৩ অক্টোবৰ : অকল ইজৰাইল অধিকৃত পেলেষ্টাইনৰ ভূখণ্ডই নহয়, বিশ্বজুৰি আধিপত্য বিস্তাৰ কৰিব বিচাৰে সন্ত্রাসবাদী সংগঠন হামাছে৷ গাজাত চলি থকা যুদ্ধৰ মাজতে এই দাবী কৰিছে পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ শীর্ষস্থানীয় নেতা তথা অন্যতম প্রতিষ্ঠাতা মাহমুদ আল–জহৰে৷ এক ভিডিঅ’ বার্তাত ৭ অক্টোবৰত ইজৰাইল ভূখণ্ডত আক্রমণ প্রসংগত হামাছ নেতা তথা পেলেষ্টাইন চৰকাৰৰ প্রাক্তন মন্ত্রী জহৰে কয় যে ইজৰাইল হামাছৰ আক্রমণৰ লক্ষ্য৷ কিন্তু ইজৰাইলেই একমাত্র লক্ষ্য নহয়৷ সমগ্র পৃথিৱীত হামাছে আধিপত্য বিস্তাৰ কৰিব বিচাৰে বুলি মন্তব্য কৰে জহৰে৷ এদিন হামাছেই বিশ্বক শাসন কৰিব বুলিও হুংকাৰ দিয়ে নেতাজনে৷ পশ্চিম এছিয়াৰ কেইবাটাও সংবাদ সংস্থাই দাবী কৰা অনুসৰি, জহৰৰ এই ভিডিঅ’ তথা বক্তব্য কিছুদিনৰ পুৰণি৷ স্মর্তব্য যে ১৯৮৭ চনৰ ১৪ ডিচেম্বৰত পেলেষ্টাইনী নেতা শ্বেখ আহমেদ য়াছিনৰ নেতৃত্বত আত্মপ্রকাশ কৰিছিল ‘হৰকট আল–মুকাৱামা আল–ইছলামীয়া’ বা ‘হামাছ’–এ৷ হামাছ গঠনত য়াছিনৰ প্রধান সহযোগী আছিল আব্দেল আল–ৰানতিছি আৰু মাহমুদ আল–জহৰ৷ ২০০৪ চনত ইজৰাইলৰ ৰকেট আক্রমণত য়াছিন আৰু ৰানতিছি নিহত হয়৷ প্রতিষ্ঠাকালৰ ৩ হামাছ নেতাৰ ভিতৰত বর্তমানো জীৱিত আছে মাহমুদ আল–জহৰ৷