🔹 ঠিকাদাৰৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : ৰাজ্য চৰকাৰে জল জীৱন মিছন আঁচনিৰ যোগেদি প্ৰত্যেকটো পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভৰ ব্যৱস্থা কৰাৰ সময়তে শিৱসাগৰ জিলাৰ আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা কাৰ্যই সকলোৰে চকু কপালত তুলিছে। উল্লেখ্য যে আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বৰশয়ক ডিব্ৰুৱালত অৱস্থিত কুমাৰ চুক পানী যোগান আঁচনি ৰূপায়ণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে। জল জীৱন মিছন আঁচনি ৰূপায়ণত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ আনি ঠিকাদাৰৰ মইমতালি নচলিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ হায় হায়, জল জীৱন মিছন আঁচনি ৰূপায়ণত দুৰ্নীতি নচলিব শ্ল’গানেৰে স্থানীয় লোকে কালি প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকৰ অভিযোগ অনুসৰি সংশ্লিষ্ট অঞ্চলত ঠিকাদাৰে জি আই পাইপৰ সলনি প্লাষ্টিকৰ পাইপ ব্যৱহাৰ কৰা, পানী পৰিবাহী পাইপ বিভিন্ন অংশত লিকেজ হোৱাৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ। যাৰ বাবে সংশ্লিষ্ট ঠাইৰ বহু পৰিয়ালে পানীৰ ঘৰুৱা সংযোগ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে । নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱা অৱস্থাতে আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে বৰাহীবাৰী গাঁও পঞ্চায়তক কুমাৰ চুক পানী যোগান আঁচনি হস্তান্তৰ কৰিবলৈ বিচৰাত স্থানীয় লোক জাঙুৰ খাই উঠিছে। ঠিকাদাৰ প্ৰতিষ্ঠান হাইটেক ইণ্ডাষ্ট্ৰীজৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি স্থানীয় লোকে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
প্ৰেৰক দেৱানন্দ কলিতা