🔴আগন্তুক বর্ষৰ পৰা অষ্টম শ্রেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চাইকেল প্রদান
🔴১০ হাজাৰ শিক্ষকৰ নিযুক্তিৰ কথা ঘোষণা
🔴পিতৃ-মাতৃক আদৰ-সন্মান প্রদর্শন কৰাটো প্রাথমিক কর্তব্য
বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ বিদ্যার্থীৰ কল্যাণেৰে জ্ঞান অম্বেষণৰ যাত্রপথ সুগম কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত অসমৰ চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়ত অধ্যয়নৰত নৱম শ্রেণীৰ ছাত্র–ছাত্রীক চাইকেল প্রদানৰ বাবে আজি তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ উল্লেখ্য যে এই আঁচনিৰ অধীনত ১,৬০,৬১২গৰাকী ছাত্র আৰু ২,০৮,৮৪২গৰাকী ছাত্রী সহিতে মুঠ ৩,৬৯,৪৫৪ গৰাকী নৱম শ্রেণীৰ ছাত্র–ছাত্রীক বিনামূলীয়া চাইকেল প্রদান কৰা হব৷ ইয়াৰ বাবে মুঠ ব্যয় হব ১৬১ কোটি টকা৷ এই আঁচনিৰ অধীনত শোণিতপুৰ জিলাৰ ১২৪৮৪গৰাকী ছাত্র–ছাত্রীৰ মাজত চাইকেল বিতৰণৰ এই কার্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রীয়ে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ডঙ্ম শর্মাই কয় যে ৰাজ্যখনৰ শৈক্ষিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে৷ এই প্রয়াসৰ অংশ হিচাপে বিনামূলীয়া চাইকেল প্রদান কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা বছৰৰ পৰা অষ্টম শ্রেণীত অধ্যয়নৰত ছাত্র–ছাত্রীসকলক চাইকেল প্রদান কৰা হব৷ যিসকল শিক্ষক–শিক্ষয়িত্রীৰ বিদ্যালয়সমূহ দূৰণি–বটীয়া হোৱাৰ বাবে বিদ্যালয়লৈ অহাত পলম হয় তেওঁলোকৰ বাবে স্কুটী দিয়াৰ এখন আঁচনি লোৱা হব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তিৰ প্রক্রিয়াটো ধাৰাবাহিকভাৱে চলাই আহিছে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে চলিত বর্ষত আৰু ১০ হাজাৰ শিক্ষকক নিযুক্তি প্রদান কৰা হব৷ দাক্ষিণাত্যৰ শিক্ষা সংস্কাৰণৰ মূলমন্ত্র একত্রীকৰণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে শৈক্ষিক মানদণ্ড, আন্তঃগাঁথনি অধিক শক্তিশালীকৰণৰ বাবে একত্রিকৰণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এনেবোৰ বিষয়ত বৌদ্ধিক সমাজে ঋণাত্মক দৃষ্টিভংগীৰে চোৱাৰ পৰিৱর্তে ইতিবাচক দৃষ্টিভংগীৰে চাব লাগিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে স্বাধীনতাৰৰ ৭৫ বছৰৰ পিছত ৰাজ্য চৰকাৰে চাহ বাগিচা এলেকাত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছে৷ চাহ বাগিচা এলেকাৰ ছাত্র–ছাত্রীয়ে যাতে শৈক্ষিক দিশত পাৰদর্শিতা দেখুওৱাব পাৰে তাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও তেওঁ কয়৷ পঢা়–শুনাৰ লগতে খেল–ধেমালীতো গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে নিজৰ বিদ্যালয়খন পৰিস্কাৰ আৰু সেউজীয়া কৰি ৰখাৰ দিশতো ছাত্র–ছাত্রীসকলে মনোযোগ দিব লাগিব৷ তেওঁ কয় যে শ্রমৰ কোনো পার্থক্য নাথাকে৷ তেওঁ লগতে কয় যে নিজতকৈ দুর্বলজনক সহায় কৰাৰ বাবে আগুৱাই আহিব লাগিব৷ চাইকেল পালে নহব, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে শিক্ষাৰ প্রতি আগ্রহী হৈ এজন ভাল মানৱ সম্পদ হিচাপে গগ দিবলৈ প্রয়াস চলাব লাগিব৷ তেওঁ কয় যে পিতৃ-মাতৃ ঈশ্বৰ তুল্য৷ পিতৃ-মাতৃক আদৰ-সন্মান প্রদর্শন কৰাটো প্রাথমিক কর্তব্য বুলিও তেওঁ কয়৷ অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেগু, অশোক সিংহল, সাংসদ পল্লব লোচন দাস, বিধায়ক ক্রমে পদ্ম হাজৰিকা, পৃথ্বীৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণ কমল তাঁতী, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই, অসম বিজেপিৰ উপ–সভাপতি অশোক ভট্টাচার্য, অসম পাঠ্যপুথি প্রণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শর্মা, অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায় প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷