নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ কংগ্ৰেছ কমেও ৩০ বছৰলৈ শাসনত নাহে। গতিকে কংগ্ৰেছে চিলিণ্ডাৰ বিনামূল্যত দিয়া প্ৰতিশ্ৰুতিৰ মূল্য নাই। ভূপেন বৰাৰ মূল্য নোহোৱা প্ৰতিশ্ৰুতি ৰাইজে বুজিছে। বিজেপি যি প্ৰতিশ্ৰুতি দিছে তাক পালনো কৰিছে। আজি আবেলি নলবাৰীৰ এক অনুষ্ঠানৰ শেষত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰি এইদৰে কয়। তেওঁ লগতে কয় কংগ্ৰেছে যিবিলাক সাম্প্ৰদায়িক বুলি ভাবে, সেয়া আচলতে ভাৰতীয় সভ্যতা, সংস্কৃতিহে। ভাৰতীয় সংস্কৃতি কাকো তোষামোদ কৰা নহয়। গতিকে ভাৰতত থকাসকলে ভাৰতীয় সংস্কৃতিক পূজা কৰিব লাগিবই। কোনো অনুপ্ৰৱেশকাৰী আমাক আক্ৰমণ কৰিব আমি চাই থাকিম। সেয়া সম্ভৱ নহয়। বিজেপি সংস্কৃতিৰহে কথা কয়, সেয়া সাম্প্ৰদায়িক কেনেকে হব। কংগ্ৰেছ সভাপতি ভূপেন বৰাই চাচা চাচীৰ কথা মতে চলি যি তি কথা কব আৰু তাক কোনে মানি লব। বিজেপিৰ নেতাসকলে ককা, বৰদেউতাৰ কথা শুনি ভাৰতীয় সভ্যতা, সংস্কৃতিৰ কথা কয়। যাৰ বাবে বিজেপিক ৰাইজে সকলো সময়তে আদৰি লৈছে। সংবাদ মাধ্যমক সম্বোধনৰ সময়ত জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, পৌৰপতি জয়শ্ৰী তালুকদাৰ পাঠক, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, উপ সভাপতি জয়ন্ত বুজৰবৰুৱা, সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, সম্পাদক নন্দলাল সৰকাৰ, অঞ্জন ডেকা, কোষাধ্যক্ষ পংকজ ডেকা,যুৱ মৰ্চাৰ জিলা সভাপতি মৃগাংক দাস সহ ভালেমান উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা