বিশ্বকাপত কাইলৈ সমুখসমৰত ভাৰত-পাকিস্তান
বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ ক্ৰিকেট মানেই উন্মাদনা। তাতে যদি ভাৰত-পাকিস্তান। কথাই নাই। উন্মাদনা, ৰোমাঞ্চ। সকলো হৈ পৰে ভৰপূৰ। সেই প্ৰতীক্ষাৰে কাইলৈ আহমেদাবাদ সমুখসমৰত ৰোহিত বাহিনী বনা বাবৰ বাহিনী। কিং কোহলিৰ চমকৰ যাদু আছে। আছে বুমৰাহৰ য়ৰ্কাৰ। শ্বাহিনেও কৰিব ওলট-পালট। ডাৰ্ক হৰ্শ্ব ৰিজৱান। কিন্তু কে এল ৰাহুলো কম নহয়। মুঠতে তীব্ৰ প্ৰতিদ্বন্দিতা। কি নাথাকে ভাৰত-পাকিস্তানৰ মেচত। শতকেৰে নিজৰ ফৰ্মৰ পৰিচয় দিছে ৰোহিতে, কোহলি আছে দুৰ্দান্ত ফৰ্মত। বুমৰাহেও পাইছে স্বাভাৱিক ছন্দ। মিডিলত ৰাহুল, আয়াৰ, পাণ্ডিয়াৰ চমকতো আছেই। কিন্তু ভাৰতৰ বিৰুদ্ধে সদায়ে বেকফুটত পাকিস্তান। বিশ্বকাপৰ ফৰ্মেটত ভাৰত বহু আগত পাকিস্তানতকৈ। কিন্তু শ্ৰীলংকাৰে ঐতিহাসিক থা ৰেকৰ্ডীয় মেচ জিকি আত্মবিশ্বাসী বাবৰ বাহিনী। মুঠতে অন্তহীন আশা, অন্তহীন ৰোমাঞ্চ। শেষ বললৈকে থ্ৰীল। মাথোঁ অপেক্ষা কাইলৈৰ দিনটোলৈ ৰোহিতৰ ছিক্স, কোহলিৰ কভাৰ ড্ৰাইড, বুমৰাহৰ য়ৰ্কাৰ চাবলৈ। কাইলৈ চলিত এদিনীয়া বিশ্বকাপৰ সৰ্ববৃহৎ খেলখন অনুষ্ঠিত হ’ব। কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হ’ব। এই হাই ভল্টেজ মেচ সন্দৰ্ভত গুজৰাট প্ৰশাসনে কঠোৰ মনোভাৱ গ্ৰহণ কৰিছে। আচলতে ভাৰত-পাক খেলৰ পূৰ্বে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামক কেণ্টনমেণ্টলৈ ৰূপান্তৰিত কৰা হৈছে। আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ খেলৰ সময়ত গুজৰাটৰ বিভিন্ন ইউনিটৰ আৰক্ষী অধীক্ষকক ‘এলাৰ্ট মোড’ত থাকিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি শীৰ্ষ আৰক্ষী বিষয়াসকলকো অসামাজিক উপাদান আৰু স্পৰ্শকাতৰ অঞ্চলসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। আহমেদাবাদ আৰু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এন এছ জি), ৰেপিড একচন বাহিনী (আৰ এ এফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ সৈতে গুজৰাট আৰক্ষী বাহিনীৰ ৬০০০ আৰক্ষীক মোতায়েন কৰা হ’ব। নিৰাপত্তাৰ পাঁচটা দিশ থাকিব। ষ্টেডিয়াম আৰু দৰ্শকৰ নিৰাপত্তা, যান-বাহন আৰু পাৰ্কিঙৰ ব্যৱস্থা, ক্ৰিকেট দলৰ নিৰাপত্তা, অসামাজিক উপাদানৰ ওপৰত চকু ৰখা আৰু সমগ্ৰ ৰাজ্যত যাতে কোনো অশুভ কাণ্ড সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখা। গুজৰাট আৰক্ষী সম্পূৰ্ণৰূপে সাজু আৰু ক্ৰিকেট মেচখন যাতে কোনো বাধা নোহোৱাকৈ অনুষ্ঠিত হয় তাৰ প্ৰতি সতৰ্ক। আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চ, এণ্টি টেৰৰিজম স্কোয়াড আৰু স্পেচিয়েল টাস্ক গ্ৰুপকো মোতায়েন। ভাৰত-পাকিস্তানৰ মেচখন প্ৰায় ১০:৩০ বজাত সমাপ্ত হ’ব, সেয়েহে কাইলৈ নিশা ৮ বজাৰ পিছত গুজৰাট আৰক্ষীৰ সকলো ইউনিটক এলাৰ্ট মোডত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। বহু সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছিল যে ভাৰত-পাক মেচৰ পূৰ্বে গুজৰাট আৰক্ষীলৈ এটা অনিষ্টকাৰী ইমেইল প্ৰেৰণ কৰা হৈছিল। এই ইমেইলত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল। কিন্তু ইয়াৰ পিছত গুজৰাট আৰক্ষীয়ে ৰাইজক জনাইছিল যে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।