নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত অগপৰ  প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম গণ পৰিষদৰ বজালী বিধান সভা সমষ্টি সমিতিও দলৰ পাঠশালাস্থিত মুখ্য কাৰ্যালয়ত ৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে পালন কৰে৷ বজালী বিধানসভা সমষ্টি সমিতিৰ সভাপতি জিন্টু চৌধুৰীয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানটোত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে ৰাতুল ৰয়ে। ইয়াৰ পিছতে জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ সাধাৰণ সভাৰ উদ্দেশ্য বাখ্যা কৰে বিধান সভা সমষ্টি সমিতিৰ সম্পাদক বুবুল আহমেদে৷ সভাত অসম আন্দোলনৰ শ্বহীদ ছেৰিফুদ্দিন আহমেদৰ ভগ্নী পাৰবিন চুলতানা, শ্বহীদ অক্ষেন্দ্ৰ তালুকদাৰৰ ভতিজা ৰিদিপ তালুকদাৰ, শ্বহীদ প্ৰভাত পাটগিৰিৰ ভতিজা ৰঞ্জিত পাটগিৰি, শ্বহীদ জ্যোতিষ চৌধুৰীৰ ভাতৃ নন্দেশ্বৰ চৌধুৰী আৰু শ্বহীদ কপিল কলিতাৰ পুত্ৰ নৱ কলিতাক সম্বৰ্দ্ধনা জনোৱাৰ লগতে অসম সৌৰভ বঁটা প্ৰাপ্ত কৃষ্ণ ৰয় আৰু ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক কুমুদ কলিতা বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰোপৰি অসম আন্দোলনত জড়িত জেষ্ঠ ব্যক্তি তথা দলীয় জেষ্ঠ নেতাসকলকো একেটি অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হয়। সভাত অসম গণ পৰিষদৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে ধৰি বজালী বিধান সভা সমষ্টিৰ মহিলা সমিতি, যুৱ পৰিষদ আৰু আঞ্চলিক সমিতিৰ বিষয়াববীয়া সকল উপস্থিত থাকে।

প্ৰেৰক কল্যাণ কলিতা

You might also like