অভিনেত্রী জেকলিনলৈ পত্র কাৰাবন্দী কনমেনৰ
🔹 বেবী তোমাতকৈ ধুনীয়া নাই : সুকেশ
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : প্রৱঞ্চনাৰে কোটি কোটি টকা উপার্জন কৰা আৰু অবৈধ ধনৰ লেনদেন গোচৰত দিল্লীৰ কাৰাগাৰত বন্দী হৈ থকা কনমেন সুকেশ চন্দ্রশেখৰে পুনৰ তেওঁৰ প্রেমিকা তথা অভিনেত্রী জেকলিন ফার্নাণ্ডেজলৈ পত্র প্রেৰণ কৰিছে৷ কনমেন সুকেশৰ অধিবক্তাই এই পত্রখন সদৰী কৰিছে৷ পত্রখনত কনমেন সুকেশে লিখিছে– ‘মোৰ টাইগ্রেছ বেবী তোমাক অতি ধুনীয়া দেখা গৈছে ডোহাত ৷ বেবী তোমাতকৈ আৰু কোনো ধুনীয়া নাই৷ মোৰ বোম্মা বেবী, নৱৰাত্রি কাইলৈৰ পৰা আৰম্ভ হ’ব৷ এই সময়ছোৱাত ৯ দিনৰ কাৰণে মই লঘোনে থাকিম৷ দেৱী দুর্গাই সকলো ভাল কৰিব৷ আমি শীঘ্রেই ইজনে সিজনৰ সৈতে থাকিম৷’ উল্লেখ্য যে কনমেন সুকেশৰ সৈতে সম্পর্ক ৰক্ষা কৰাৰ বাবে অভিনেত্রী জেকলিন ফার্নাণ্ডেজক ইডিয়ে জেৰা কৰিছিল৷ কনমেন সুকেশৰ পৰা অভিনেত্রীগৰাকীয়ে কেইবাকোটি টকাৰ উপহাৰ লোৱাৰ লগতে তেওঁৰ সৈতে মধুৰ সম্পর্ক ৰক্ষা কৰি চলিছিল৷ অভিনেত্রীগৰাকীৰ সৈতে প্রেমৰ সম্পর্ক থকা বুলিও দাবী কৰি আহিছে কনমেন সুকেশে৷