নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত এখন বলেৰ’, তিনিখন বাইক লৈ ৯ জনীয়া দলৰ সন্ত্ৰাস

🔹 হাইৱে’ ডকাইতি কাণ্ডৰ আঁৰত টুলটুল বাহিনী

🔹 নিশা হ’লেই বাটত আগচি ধৰি অস্ত্ৰৰ ভাবুকিৰে কাঢ়ি লয় ধন

 

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰৰ বাইপাছত দীৰ্ঘ সময় ধৰি দূৰণিবটীয়া মালবাহী ট্ৰাকৰ চালক, দুচকীয়া আৰোহীক মৃত্যুৰ ভাবুকিৰে লুটপাত, ডকাইতিৰে সন্ত্ৰাস চলাই অহা ৯ জনীয়া কুখ্যাত ডকাইতৰ দলটোৰ এজনো সদস্য অদ্যপৰিমিত শিৱসাগৰ আৰক্ষীৰ জালত নপৰা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভটীয়াপাৰৰ পৰা বেতবাৰী পৰ্য্যন্ত প্ৰতিনিশাই এখন বলেৰ’ গাড়ী আৰু তিনিখন বাইকেৰে সন্ত্ৰাস চলাই অহা এই ডকাইতৰ দলটো কিয় আৰক্ষীৰ জালত পৰা নাই, তাক লৈহে প্ৰশ্নৰ সৃষ্টি হৈছে ৷ বিশেষকৈ শেহতীয়াকৈ এখন বিলাতী সুৰাৰ বিপণীৰ মেনেজাৰক ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত মূৰত ঘপিয়াই নব্বৈ হাজাৰকৈ টকা লুটি নিয়া ঘটনাৰ আঁৰত টুলটুল বাহিনী নামৰ এটা কুখ্যাত ডকাইতৰ ৯ জনীয়া এটা দল জড়িত থকাৰ বিস্ফোৰক অভিযোগে নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক মূৰ, ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নগদ ধন লুটি নিয়াৰ পাঁচটা দিন উকলি যোৱাৰ পিছতো ডকাইতৰ দলটোৰ এজনো সদস্য আৰক্ষীৰ জালত নপৰা তথা ডকাইতিত ব্যৱহৃত এখনো বাহন চিনাক্ত নোহোৱাৰ ঘটনাক ৰাইজে সহজভাৱে ল’ব পৰা নাই ৷ প্ৰাপ্ত বাতৰি মতে, যোৱা ১১ অক্টোবৰৰ নিশা জীৱদৌল পাংগিং নামৰ এখন বিলাতী সুৰাৰ বিপণীৰ মেনেজাৰগৰাকীয়ে নিশা বিপণী বন্ধ কৰি প্ৰায় চাৰে দহ বজাত বাইকেৰে ৰাষ্ট্ৰীয় ঘাইপথ হৈ নিজ গৃহলৈ আহি আছিল ৷দিনটোৰ বিক্ৰী হোৱা নগদ নব্বৈ হাজাৰ টকা লগত লৈ আহি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ পোনজান পথৰ সমীপত একে দিশৰ পৰা তিনিখন বাইকত অহা মুখত ক’লা কাপোৰ বন্ধা ৯ জনীয়া এটা দুৰ্বৃত্তৰ দলে মেনেজাৰগৰাকীক আগুৰি ধৰি ধনৰ টোপোলাটো কাঢ়ি ল’ব বিচাৰে ৷ কিন্তু মেনেজাৰগৰাকীয়ে এই কাৰ্য্যত বাধা প্ৰদান কৰাত ডকাইতৰ দলটোৱে চোকা অস্ত্ৰৰে মেনেজাৰগৰাকীৰ মূৰ-ডিঙিত ঘপিয়াই ধনৰ টোপোলাটো লৈ উধাও হয় ৷ পিছদিনা পুৱাৰ ভাগত সদৰ আৰক্ষী থানাত ভুক্তভোগী যুৱকজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিলে যদিও আজি পৰ্য্যন্ত ডকাইতৰ দলটোৰ কোনো সদস্য আৰক্ষীৰ জালত পৰা নাই ৷ অভিযোগ অনুসৰি বহু বিতৰ্কিত তথা বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত টুলটুল নামৰ দুৰ্বৃত্তটোৱে এই ৯ জনীয়া যুৱকৰ দলটোক সংগঠিত কৰি এটা দল গঠন কৰি এই দুষ্কাৰ্য্য চলাই আহিছে ৷ স্মৰ্তব্য যে জি এছ টি ফাঁকি দিয়া তথা পৰ্য্যাপ্ত বৈধ নথি নথকা সামগ্ৰী পৰিবাহী ট্ৰাকসমূহ আগভেটি ধৰি নথি পৰীক্ষাৰ নামত এনেদৰে ধন দাবী কৰে। অন্যথা আৰক্ষী থানালৈ নিয়াৰ ভাবুকি দিয়াৰ পিছতেই উপায়হীন হৈ জটিল মেৰপেঁচত পৰাৰ আশংকাতে ধন আদায় দিয়ে ৷ সম্প্ৰতি টুলটুল নামৰ অপৰাধীটোৱে এনে তথ্যৰ ভিত্তিতেই মালবাহী, গৰু পৰিবাহী বাহনত ডকাইতিৰ লগতে নিৰীহক ভাবুকিৰে ধন আদায় কৰি একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷ সচেতন মহলে এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চক্ৰটোক পুলিয়ে পোখাই উৎখাতৰ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like