নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষীয়ান আমেৰিকান অভিনেত্রী পিপাৰ লৌৰিৰ বিয়োগ

বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : আমেৰিকান অভিনেত্রী পিপাৰ লৌৰিৰ দেহাৱসান ঘটিছে৷ ৯১ বছৰীয়া অভিনেত্রীগৰাকীৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে তেওঁৰ মেনেজাৰ মেৰিয়ন ৰোজেনবার্গে৷ তিনিবাৰৰ বাবে অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা অভিনেত্রীগৰাকীয়ে লছ এঞ্জেলছস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷ অকল অভিনয়ৰ ক্ষেত্রখনতেই নহয়, আমেৰিকাৰ নাগৰিক অধিকাৰ ৰক্ষাৰ আন্দোলনতো জড়িত হৈ পৰিছিল পিপাৰ লৌৰি৷ অভিনয়ৰ ক্ষেত্রখনৰ পৰা ১৫ বছৰ আঁতৰি আছিল নাগৰিক অধিকাৰ আন্দোলনত অংশগ্রহণৰ বাবে৷ ‘কেৰি’ নামৰ ছবিখনৰ বাবে প্রথমবাৰলৈ অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল পিপাৰ লৌৰিয়ে৷ ৰাছিয়ান আৰু ফলিছ পিতৃ–মাতৃৰ সন্তান পিপাৰৰ জন্ম হৈছিল মিচিগানত৷ ১৭ বছৰ বয়সতে অভিনয়ৰ ক্ষেত্রখনত জড়িত হৈ পৰিছিল পিপাৰে৷ উল্লেখনীয় যে ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাৰ বিদেশ নীতিৰ বিৰুদ্ধেও প্রতিবাদ সাব্যস্ত কৰিছিল পিপাৰে৷

You might also like