🔹 হাতত বন্দুক লৈ মুছলিম ষ্টুডেন্ট ফেডাৰেচনৰ ৰাজ্যিক সভাপতিৰ সন্ত্ৰাস
বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : গুৱাহাটীৰ লাখটকীয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। গুৱাহাটী মহানগৰ জিলাৰ বিজেপি আই টি চেলৰ সমন্বয়ক নুমান দেৱানক হত্যাৰ ভাবুকি দিয়ে। মুছলিমৰ বিচাৰধাৰাৰ লগত বিজেপিৰ আদৰ্শ নিমিলে, তই কিয় বিজেপি কৰিছ বুলি কৈ জুৱেৰ হুছেইন নামৰ ব্যক্তিজনে দেৱানক ভাবুকি দিয়ে। জানিব পৰা মতে, হাতত বন্দুক লৈ জুৱেৰ হুছেইন নামৰ মুছলিম ষ্টুডেন্ট ফেডাৰেচনৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সন্ত্ৰাস চলায়। বিজেপি আই টি চেলৰ সমন্বয়ক নুমান দেৱানক বিজেপি নকৰিবলৈ সকীয়নি দি গুলীভৰ্তি বন্দুক লৈ ভাবুকি দিয়ে। ইতিমধ্যে জুৱেৰ হুছেইনক আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে ।