নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত গেছ পৰিবাহী পাইপৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ কালিকা লগা অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ আৰু অকমণ্য পৌৰ সভাৰ জেচিবি চালকৰ ভূলৰ বাবে গেছ পৰিবাহী পাইপৰ বিস্ফোৰন আৰু সংঘটিত বিধংসী অগ্নিকাণ্ডই ভাগ্যশ্ৰী দাস নামৰ দেৰ বছৰীয়া শিশুটিৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে মাতৃ সহ কেইবাজনো লোকক দগ্ধ কৰা কৰুণ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই যোৱা নিশা অভিশপ্ত শিৱসাগৰৰ যমুনা ৰো’ড চাৰিআলিত সংঘটিত হল অনুৰূপ এক বিস্ফোৰণৰ ঘটনা ৷ চলিত বৰ্ষৰ তিনি মেৰ বিয়লি সংঘটিত বিধংসী অগ্নিকাণ্ডৰ ঘটনাৰ আতংকই আজিও স্থানীয় ৰাইজক আৱৰি ৰখাৰ সময়তেই যমুনা ৰো’ড চাৰিআলিৰ পুৰ্বৰ ঠাইতেই সংঘটিত হয় এই গেছ পৰিবাহী পাইপৰ বিস্ফোৰন ৷অৱশ্যে স্থানীয় ৰাইজৰ সতৰ্কতা- তৎপৰতাৰ বাবেই আন এক ভয়ংকৰ দূৰ্য্যোগৰ পৰা ৰক্ষা পৰে স্থানীয় বহু কেইটা পৰিয়ালৰ বাস গৃহৰ লগতে এক বৃহত ব্যৱসায়ীক অঞ্চল ৷প্ৰাপ্ত বাতৰি মতে যমুনা ৰোড ছাৰিআলিত শেহতীয়াকৈ পৌৰ সভাৰ কালভাৰ্ট সংস্থাপনৰ কেইবা লাখটকীয়া এক ঠিকা কাম সম্পাদন কৰি আছিল এগৰাকী ঠিকাদাৰে ৷যি স্থানৰ মূল পথ খান্দি কাল ভাৰ্ট বহুৱাবৰ বাবে কাম অব্যাহত ৰাখিছিল সেই স্থানেদি পাৰ হৈ গৈছে অসম গেছ কোম্পানীৰ গেছ পৰিবাহী এডাল পাইপ ৷স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত অংশইদি পাৰ হৈ যোৱা এয়াৰটেল কোম্পানীৰ এডাল ফাইবাৰ কেবোল নিশাৰ ভাগত কোম্পানীটোৰ কৰ্মচাৰীয়ে মেৰামতি কৰিছিল ৷সেই মেৰামতিৰ কেইমিনিট মানৰ পিছতেই প্ৰচণ্ড বেগত গেছ পৰিবাহী পাইপ ডালৰ পৰা গেছ নিৰ্গমণ হোৱা দেখি হুৱা দুৱা লাগে স্থানীয় ৰাইজৰ মাজত ৷পুৰ্বৰ কৰুণ ঘটনাই শিক্ষা দি যোৱা স্থানীয় ৰাইজে অতি তৎপৰতাৰে নিজৰ বাসগৃহ সমুহৰ বিদ্যুত কৰ্তন, গেছৰ ঘৰুৱা সংযোগ বন্ধ কৰি জৰুৰী কালিন বিভাগৰ সৈতে যোগাযোগ কৰি পথটোৱেদি সকলো যাতায়ত বন্ধ কৰি দিয়ে ৷ঘটনাৰ খবৰ পাই ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ দল, দূৰ্য্যোগ প্ৰশমন বিভাগ, আৰক্ষীৰ দল উপস্থিত হোৱাৰ পিছতেই অসম গেছ কোম্পানী কৰ্তৃপক্ষই মূল ভাল্ব বন্ধ কৰি দিয়াত নিৰ্গমন বন্ধ হৈ পৰে ৷সতৰ্কতা মুলক ব্যৱস্থা হিচাবে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত অগ্নি প্ৰতিৰোধী ৰাসায়নিক পদাৰ্থ- পানী নিক্ষেপ কৰি পৰিৱেশ সূচল কৰি তুলে ৷ঘটনাৰ পিছতেই জিলা প্ৰশাসনৰ এগৰাকী দণ্ডাধীশ উপস্থিত হয় পৰিস্থিতিৰ বুজ লয় ৷উল্লেখ্য যে, এই একেই স্থানতেই যোৱা তিনি মেৰ বিয়লি গেছ পৰিবাহী পাইপ বিস্ফোৰণ ঘটি সংঘটিত বিধংসী অগ্নিকাণ্ডত দেৰ বছৰীয়া ভাগ্যশ্ৰী কলিতাৰ কৰুণ মৃত্যু হোৱাৰ লগতে পৰিয়ালটোৰ আন দুজন ব্যক্তিৰ লগতে ভাগ্যশ্ৰীৰ মাতৃৰো প্ৰায় আশী শতাংশ অগ্নি দগ্ধ হৈছিল ৷বৰ্তমানেও জীৱন মৃত্যুৰে যুঁজি থকা দুৰ্ভগীয়া ভাগ্যশ্ৰীয়ে স্থানীয় ৰাইজৰ সহযোগত কালি সাংসদ তপন গগৈক সাক্ষাত কৰিবলৈ গৈছিল ৷ সচেতন মহলে এই ক্ষেত্ৰত অসম গেছ কোম্পানীক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ দাবী জনোৱাৰ লগতে গেছ পৰিবাহী পাইপ পাৰ হৈ যোৱা স্থানৰ আশে পাশে খনন- নতুন নিৰ্মাণৰ ক্ষেত্ৰক কঠোৰ নীতি – নিয়ম বলবৎৰ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like