নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সাময়িকভাৱে বন্ধ মুম্বাই বিমানবন্দৰ

বিশেষ বাৰ্তা, ১৭ অক্টোবৰঃ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (চিএছএমআইএ) নামেৰে পৰিচিত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আজি বন্ধ থাকিব। বাৰিষাৰ পিছত বিমানবন্দৰৰ দুটা ৰানৱেৰ সুৰক্ষাৰ কামৰ বাবে বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ব। চি এছ এম আই এৰ বিবৃতি অনুসৰি ছয় ঘণ্টাৰ বাবে বিমান চলাচল বন্ধ থাকিব। পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ মেৰামতিৰ কাম চলিব। বিমানবন্দৰৰ এগৰাকী মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘চি এছ এম আই এৰ বাৰিষাৰ পিছৰ ৰাণৱে ৰক্ষণাবেক্ষণ পৰিকল্পনাৰ অংশ হিচাপে ১৭ অক্টোবৰত দুয়োটা ৰানৱে আৰ ডব্লিউ ৱাই ০৯/২৭ আৰু আৰ ডব্লিউ ৱাই ১৪/৩২ সাময়িকভাৱে অকাৰ্যকৰী হৈ থকাৰ কথা। এই নিৰ্ধাৰিত অস্থায়ী বন্ধটো চি এছ এম আই এৰ বাৰ্ষিক বাৰিষাৰ পিছৰ ৰক্ষণাবেক্ষণ পৰিকল্পনাৰ এটা অংশ। এই সন্দৰ্ভত ছমাহ পূৰ্বেও বিমানচালকসকলক যথাযথভাৱে এখন জাননী জাৰি কৰা হৈছে। বিমানবন্দৰৰ বিষয়াসকলৰ মতে, বিমানবন্দৰটো অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্ধাৰিত উদ্দেশ্য হৈছে ৰাণৱে মেৰামতি আৰু ৰক্ষণাবেক্ষণ কৰা। তেওঁ কয় যে ইয়াৰ জৰিয়তেহে বিমানবন্দৰৰ আন্তঃগাঁথনি উচ্চতম মানদণ্ডত ৰক্ষণাবেক্ষণ কৰিব পৰা যাব। চি এছ এম আই এৰ মতে, প্ৰতিবছৰে বাৰিষাৰ পিছত ৰানৱে ৰক্ষণাবেক্ষণৰ বাবে বন্ধ হৈ থাকে। এইটো সেই কামৰ অংশ যাৰ জৰিয়তে কেৱল বিমান পৰিচালনাই নহয়, যাত্ৰীসকলৰ সুৰক্ষাও নিশ্চিত কৰা হয়। মুম্বাই বিমানবন্দৰে কয় যে এই অস্থায়ী বন্ধই দেখুৱাইছে যে ইয়াৰ কাৰ্য্যকলাপত যাত্ৰী সুৰক্ষা কেনেদৰে প্ৰথম পন্থা। বিবৃতিটোত কোৱা হৈছে যে বিমানবন্দৰটোৱে সকলো গুৰুত্বপূৰ্ণ অংশীদাৰৰ সৈতে কথা পাতি এই বিষয়ে অৱগত কৰিছে। যাতে ৰক্ষণাবেক্ষণৰ কাম সঠিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে বিমানৰ সময় নিৰ্ধাৰণ কৰিব পৰা যায়। বিমানবন্দৰ কৰ্তৃপক্ষই কয় যে যাত্ৰীসকলৰ পৰাও সহযোগিতা আশা কৰা হৈছে। প্ৰতিদিনে মুম্বাই বিমানবন্দৰৰ পৰা ৯০০খন বিমানে উৰণ যাত্ৰা কৰে। সোমবাৰে মুম্বাই বিমানবন্দৰত কোৱা হৈছিল যে ছেপ্টেম্বৰ ত্ৰৈমাসিকত ইয়াৰ যাত্ৰী যাতায়াত ৩৩ শতাংশ বৃদ্ধি পাইছে আৰু এতিয়া ১.২৭ কোটি হৈছেগৈ। যদিহে কভিড মহামাৰীৰ পূৰ্বে ২০১৯ চনৰ ছেপ্টেম্বৰ ত্ৰৈমাসিকৰ তুলনাত যাত্ৰীৰ সংখ্যা ১০৯ শতাংশ বৃদ্ধি পাইছে। যোৱা তিনি মাহত বিমানবন্দৰটোত ঘৰুৱা বিমান পৰিবহণৰ সংখ্যা ৬০,৮৬১টা হোৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ সংখ্যা ২০,৪৩৮টা। বিষয়াসকলৰ মতে, তেওঁলোকে এবছৰৰ আগৰ সময়ছোৱাত মুঠ ৯৬ লাখ যাত্ৰী অভিলেখ গঢ়িছিল।

You might also like