🔹 কেন্দ্ৰীয় বজাৰৰ সমীপত তীব্ৰ যান-জঁটত সমস্যাৰ সন্মুখীন সাধাৰণ নাগৰিক
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কেন্দ্ৰীয় বজাৰৰ সমীপত শেহতীয়াকৈ পাৰ্কিং আস্থান নোহোৱাকৈ মুকলি কৰা এটা শ্বপিং মলক লৈ সাধাৰণ ৰাইজৰ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ মল চৌহদত কোনোধৰণৰ পাৰ্কিং আস্থানৰ ব্যৱস্থা নকৰাকৈ সাধাৰণ ৰাইজক সমস্যাৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে নগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ লক্ষ্মী চিনেমা হল সংযোগী পথৰ কাষৰ হাই ষ্ট্ৰীট নামৰ শ্বপিং মলটোৰ বিৰুদ্ধে ৷ সমাগত দুৰ্গাপূজা উপলক্ষে সাধাৰণ ৰাইজে বজাৰ-সমাৰৰ বাবে চহৰখনত ভিৰ কৰাৰ সময়তে নতুনকৈ পাৰ্কিং আস্থান নোহোৱাকৈ মুকলি কৰা হাই ষ্ট্ৰীট নামৰ শ্বপিং মলটোৰ বাবেই সমগ্ৰ অঞ্চলটোত ভয়াৱহ যান-জঁটৰ সৃষ্টি হৈছে ৷ বিশেষকৈ শ্বপিং মলটোৰ নিজা কোনো পাৰ্কিং আস্থানৰ ব্যৱস্থা নকৰাৰ ফলত মললৈ অহা গ্ৰাহকে য’তে-ত’তে যান-বাহনসমূহ ৰখোৱাৰ ফলতেই এই অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছে ৷ হাই ষ্ট্ৰীট শ্বপিং মল কৰ্তৃপক্ষক কিয় প্ৰশাসন-পৌৰসভাই নিজা পাৰ্কিং আস্থানৰ ব্যৱস্থা কৰিবলৈ বাধ্য কৰোৱাব পৰা নাই, সেয়াহে এই মুহূৰ্তত গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে ৷ উল্লেখ্য যে, যিকোনো শ্বপিং মলৰ নিজা পৰ্য্যাপ্ত পাৰ্কিং স্থান থাকিবই লাগিব ৷ পৰ্য্যাপ্ত পাৰ্কিং আস্থান থাকিলেহে পৌৰসভাই চহৰৰ ভিতৰত তেনে প্ৰতিস্থানক বাণিজ্যৰ বাবে অনুমতি প্ৰদান কৰে ৷ কিন্তু আচৰিত যেন লাগিলেও সত্য য, শিৱসাগৰৰ লক্ষ্মী চিনেমা হলৰ স্থানত মুকলি হোৱা সু-বিশাল হাই ষ্ট্ৰীট নামৰ শ্বপিং মলটোৰ এই মুহূৰ্তলৈকে নাই কোনো পাৰ্কিং স্থান ৷এই সন্দৰ্ভত পৌৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত পাৰ্কিং আস্থান নিৰ্মাণ কৰি থকাৰ কথা জনায়। কিন্তু সাংবাদিকৰ তৰফৰ পৰা পাৰ্কিং আস্থান সম্পূৰ্ণ নোহোৱাকৈয়ে কেনেদৰে শ্বপিং মল মুকলিৰ অনুমতি প্ৰদান কৰিলে বুলি প্ৰশ্ন কৰাত বিষয়াগৰাকীয়ে উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷ সচেতন মহলে শীঘ্ৰে পৌৰসভা-জিলা প্ৰশাসনক শ্বপিং মল কৰ্তৃপক্ষক পৰ্য্যাপ্ত পাৰ্কিং স্থান মুকলি কৰিবলৈ নিৰ্দেশ দিয়াৰ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান