নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : কামৰূপৰ ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ২৬খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ২৬৮৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। সেই উপলক্ষে নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধনেশ্বৰ দাসৰ পৰিচালনাত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত চাইকেল বিতৰণী অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক অজিত দাসে। অনুষ্ঠানটিত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মদন পাঠক, অধ্যক্ষ ধনেশ্বৰ দাস, ভখুৰাদিয়া পাহাৰপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক নুৰ মহম্মদ, নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীনেশ কলিতা, উপ-সভাপতি কন্দৰ্প কলিতা আদি উপস্থিত থাকি “মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি” (২০২৩-২০২৪ বৰ্ষ)ৰ অধীনত উক্ত ২৬খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ২৬৮৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। অনুষ্ঠানটিত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মদন পাঠক, অধ্যক্ষ ধনেশ্বৰ দাসে ভাষণ প্ৰসংগত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে চাইকেল যোগান ধৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰি এই চাইকেলসমূহ ছাত্ৰ-ছাত্ৰীসকলে সঠিকভাৱে পোৱাৰ ক্ষেত্ৰত সমূহ বিদ্যালয়ৰ প্ৰধানৰ সহযোগিতা কামনা কৰে। একেদৰে শিক্ষানুষ্ঠানখনৰ নৱাগত আদৰণী সভাখনো অনুষ্ঠিত হয় উলহ-মালহেৰে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস