নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ধুবুৰীত দুৰ্গা পূজাৰ গইনা আৰম্ভ হৈছে বিলাতী সুৰাৰ অবৈধ ব্যৱসায়। তাকেই প্ৰতিপন্ন কৰি আৰক্ষীৰ অভিযানত ধুবুৰী চহৰৰ বিঅ’চি মোৰ অঞ্চলৰ এটা অবৈধ সুৰাৰ ঘাটিৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটল জব্দ হোৱা বুলি জানিব পৰা গৈছে। ধুবুৰী আৰক্ষীৰ “ৰাইডাৰ”ৰ দলে আজিৰ সেই বিশেষ অভিযানটো চলোৱা বুলি প্ৰকাশ। অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত বীন উপাধি ৰ এজন যুৱককো দলটোৱে কৰায়ত্ব কৰা বুলি প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী