নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্যত বিহ মিহলাই ২০ দিনত স্বামীসহ ৬জনক হত্যা মহিলাৰ

🔹 পিতৃৰ মৃত্যুৰ প্রতিশোধ ল’বলৈ ‘থালিয়াম’ ব্যৱহাৰ বিজ্ঞানীৰ

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : মহাৰাষ্ট্রত এগৰাকী কৃষি বিজ্ঞানী মহিলাই পিতৃৰ মৃত্যুৰ প্রতিশোধ ল’বলৈ স্বামী আৰু শহুৰেকৰ ঘৰৰ পাঁচ সদস্যক খাদ্যত বিহ মিহলাই হত্যা কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহাৰাষ্ট্রৰ গাদচিৰোলিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা৷ ‘থালিয়াম’ নামৰ বিহ খাদ্যত মিহলাই ২০ দিনৰ ভিতৰত এই মহিলাগৰাকীয়ে স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ পাঁচ সদস্যক হত্যা কৰে৷ উল্লেখনীয় যে ‘থালিয়াম’ হৈছে এনে এবিধ বিহ, যাৰ কোনো ৰং নাই আৰু খাদ্যৰ সৈতে ইয়াক মিহলাই দিলে তিলতিলকৈ মানুহ মৃত্যুমুখত পৰে৷ খাদ্য বা পানীয়ত ইয়াক মিহলাই দিয়াৰ পিছত যিকোনো ব্যক্তিয়েই লাহে লাহে মৃত্যুমুখলৈ গতি কৰে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, মহিলাগৰাকীৰ পিতৃয়ে পাঁচ মাহ পূর্বে আত্মহত্যা কৰিছিল৷ এই আত্মহত্যাৰ বাবে স্বামী আৰু শহুৰেকৰ পৰিয়াল জগৰীয়া বুলি মহিলাগৰাকীয়ে সন্দেহ কৰিছিল৷ গতিকে, স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে প্রতিশোধ ল’বলৈ এনেদৰে খাদ্যত ‘থালিয়াম’ মিহলি কৰি দিছিল৷ ২০ দিনৰ ভিতৰত একেটা পৰিয়ালৰ ৬গৰাকী লোকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাৰ পিছতে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ মৃতদেহবোৰৰ লেব’ৰেটৰীত বিভিন্ন পৰীক্ষা চলোৱাৰ সময়ত ‘থালিয়াম’ৰ উপস্থিতি ধৰা পৰে৷ উল্লেখনীয় যে মহিলাগৰাকীৰ এজন সহযোগীয়ে তেলেংগানাৰ পৰা এই ‘থালিয়াম’ আনি দিছিল৷ শেহতীয়াকৈ কৃষি বিজ্ঞানী মহিলাগৰাকী আৰু তেওঁৰ সহযোগীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ তাৎক্ষণিকভাৱে মহিলাগৰাকীৰ নাম প্রকাশ কৰা নাই আৰক্ষীয়ে৷

You might also like