নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসন্মত স্বামী–স্ত্রীয়ে একেলগে থকাটো অনুচিত

🔹 এলাহাবাদ হাইক’ৰ্টৰ গুৰুত্বপূর্ণ ৰায়

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : বিচ্ছেদৰ বাবে মন স্থিৰ কৰিছে স্বামী–পত্নীয়ে৷ পৰস্পৰৰ প্রতি পৰস্পৰে তীব্ৰ ঘৃণা পোষণ কৰিছে৷ এনে পৰিস্থিতিত তেওঁলোকক একেলগে থাকিবলৈ কোৱাটো নিষ্ঠুৰতা৷ শেহতীয়াকৈ এক গোচৰত এই পর্যবেক্ষণ আগবঢ়াইছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ এক দম্পতীয়ে বিচ্ছেদৰ সন্মতি দিয়াৰ সময়ত এই কথা ঘোষণা কৰে ন্যায়াধীশ সৌমিত্র দয়াল সিং আৰু ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালৰ বিচাৰপীঠে৷ এলাহাবাদ উচ্চ ন্যায়ালয়ত অশোক ঝা আৰু প্রতিভা ঝা নামৰ এই দম্পতীয়ে পৰস্পৰৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ সম্পত্তিক লৈ তেওঁলোকৰ বিবাদ তুংগত উঠিছিল৷ ইয়াৰ উপৰি পৰস্পৰে অভিযোগ কৰিছে বিবাহবহির্ভূত সম্পর্ক স্থাপন কৰা বুলি৷ এনে পৰিস্থিতিত আদালতখনে বিবাহ বিচ্ছেদত সন্মতি জনোৱাৰ উপৰি তেওঁলোকক একেলগে থাকিবলৈ পৰামর্শ দিয়াটো নিষ্ঠুৰতা বুলি ঘোষণ কৰিছে৷

You might also like