নর্দমা চাফা কৰিবলৈ গৈ মৃত্যু হ’লে ক্ষতিপূৰণ ৩০ লাখ
🔹 কেন্দ্রীয় চৰকাৰক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
বিশেষ বাৰ্তা, ২১ অক্টোবৰ : নর্দমা, নলা নাইবা মেনহল পৰিষ্কাৰ কৰিবলৈ গৈ সঘনে শ্রমিকৰ মৃত্যু হৈছে দেশত৷ এই ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা বিভিন্ন পর্যবেক্ষণ আগবঢ়োৱা হৈছে৷ এইবাৰ কেন্দ্রীয় চৰকাৰক এই ঘটনা সন্দর্ভত নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ ন্যায়াধীশ এছ ৰবীন্দ্র ভাট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ বিচাৰপীঠে নির্দেশ দিয়ে যে নর্দমা পৰিষ্কাৰ কৰিবলৈ গৈ কোনো চাফাই কর্মীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালক ৩০ লাখ টকা ক্ষতিপূৰণ দিব লাগিব চৰকাৰে৷ উল্লেখনীয় যে সঘনে দেশৰ বিভিন্ন ৰাজ্যত নলা–নর্দমা পৰিষ্কাৰ কৰিবলৈ গৈ মৃত্যুমুখত পৰিবলগীয়া হয় বহু শ্রমিক ৷ ২০২২ চনৰ জুলাই মাহত সংসদত কেন্দ্রীয় চৰকাৰে দিয়া তথ্য অনুসৰি, পাঁচ বছৰত ৩৪৭গৰাকী চাফাই কর্মীৰ মৃত্যু হৈছে৷ উত্তৰ প্রদেশ, তামিলনাডু আৰু দিল্লীতেই সংঘটিত হৈছে ৪০ শতাংশ দুর্ঘটনা৷ চাফাই কর্মীৰ সুৰক্ষা সম্পর্কীয় এক জনস্বার্থ জড়িত গোচৰ ৰুজু হৈছিল উচ্চতম ন্যায়ালয়ত৷ শেহতীয়াকৈ এই গোচৰৰ শুনানিত ক্ষতিপূৰণৰ বিষয়ত চৰকাৰক নির্দেশ দিছে শীর্ষ আদালতখনে৷ শাৰীৰিকভাৱে নলা–নর্দমা পৰিষ্কাৰৰ কাম সম্পূর্ণ নির্মূল কৰিব লাগিব বুলিও পর্যবেক্ষণ আগবঢ়ায় ন্যায়ালয়ে৷