নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীগামী বিমানৰ মুম্বাইত জৰুৰী অৱতৰণ

🔹 যাত্রীৰ বেগত বোমা !

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : পুনেৰ পৰা দিল্লীগামী আকাছা এয়াৰৰ বিমান এখন যাত্রী এজনে নিজৰ বেগত বোমা থকা বুলি প্রকাশ কৰাৰ পিছতেই মুম্বাই বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়৷ ঘটনাৰ বিৱৰণী মতে, আকাছা এয়াৰ কিউপি–১১৪৮ বিমানখনে পুনেৰ পৰা দিল্লীলৈ উৰা মৰাৰ পিছতে বিমানখনত যাত্রী হিচাপে থকা এজন ব্যক্তিয়ে নিজৰ বেগত বোমা থকা বুলি চিঞৰি উঠে৷ ১৮৫জন যাত্রী আৰু ৬ কর্মচাৰী থকা এই বিমানখনত লগে লগে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু দিনৰ ১২.৪২ বজাত বিমানখন মুম্বাই আন্তর্জাতিক বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱায়৷ যাত্রীজনক চিআইএছএফৰ দলে আটক কৰি আৰক্ষীৰ হাতত গতাই দিছে৷

You might also like