নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীপুৰী খাই মহিলাসহ ৫০ শিশু অসুস্থ

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : ঝাৰখণ্ডৰ কোডাৰমা জিলাত পথৰ দাঁতিৰ দোকানৰ পৰা পানীপুৰী খাই মহিলাসহ ৫০ শিশু অসুস্থ হৈ পৰিছে৷ কোডাৰমাৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়াই প্রকাশ কৰা মতে, পথৰ দাঁতিত থকা দোকানৰ পৰা পানীপুৰী খোৱাৰ ফলত বিষক্রিয়া ঘটি ১০ মহিলা আৰু প্রায় ৪০ শিশুসহ ৫০জন অসুস্থ হৈ পৰে৷ লোকাই পঞ্চায়তৰ গোছাইতোলাৰ অধীনৰ পথৰ দাঁতিত পানীপুৰী খোৱাৰ পিছতেই অসুস্থ হোৱা মহিলা-শিশুসকলে প্রথমে বমি কৰিবলৈ ধৰে আৰু পিছলৈ পনীয়াকৈ শৌচ কৰিবলৈ লয়৷ ইয়াৰ পিছতে অসুস্থ মহিলা আৰু শিশুসকলক ততালিকে কোডাৰমাৰ সদৰ হাস্পতাললৈ প্রেৰণ কৰা হয়৷ ২৪ ঘণ্টা ধৰি এই অসুস্থ শিশুসহ মহিলাক চিকিৎসা চলাই নিৰীক্ষণ কৰাৰ অন্তত আজি ঘৰলৈ যাবলৈ দিয়া হৈছে৷ তথ্য মতে, পানীপুৰী খাই অসুস্থ হোৱা শিশুসকলৰ বয়স ৯ৰ পৰা ১৫ বছৰৰ ভিতৰত৷ এই শিশুসকলৰ স্বাস্থ্যৰ অৱস্থা বর্তমান সুস্থিৰ৷ স্বাস্থ্য বিভাগে আৰক্ষীৰ সহায়ত উক্ত পথৰ দাঁতিত দোকানৰ পৰা খাদ্যসমূহ জব্দ কৰাৰ লগতে এই খাদ্যৰ নমুনা পৰীক্ষণৰ বাবে ৰাঁচীলৈ প্রেৰণ কৰিছে৷ পৰীক্ষাৰ অন্তত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে৷

You might also like