ক’লা বজাৰত ৫০ হাজাৰত বিক্রী ভাৰত–ইংলেণ্ডৰ মেচৰ টিকট
বিশেষ বাৰ্তা, ২১ অক্টোবৰ : ২৯ অক্টোবৰত ভাৰতৰ মুখামুখি হ’ব ইংলেণ্ড৷ এই মেচখনৰ উত্তেজনা ইতিমধ্যে আৰম্ভ হৈছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মেচখনৰ টিকট ক’লা বজাৰত ৫০ হাজাৰ টকাত বিক্রী হৈছে৷ উত্তৰ প্রদেশ আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান প্রশান্ত কুমাৰে এই প্রসংগত কয়– ৰাজ্যৰ আৰক্ষী বিভাগৰ বিশেষ এজেন্সী আৰু লক্ষ্ণৌ আৰক্ষীয়ে সন্দেহজনক ছ’চিয়েল মিডিয়া একাউণ্টৰ ওপৰত দৃষ্টি ৰাখিছে৷ বিশ্বকাপৰ মেচসমূহৰ টিকট যাতে ক’লা বজাৰত বিক্রী নহয়, তাৰ বাবে এই বিশেষ দৃষ্টি ৰখা হৈছে৷ উল্লেখ্য যে পূব আৰু পশ্চিম দিশৰ গেলাৰীৰ টিকটৰ দাম ৪৯৯ টকা আৰু উত্তৰ দিশৰ কর্প’ৰেট বক্সৰ দাম ৪ হাজাৰ টকা৷ ক’লা বজাৰত সেই টিকটৰ দাম বৃদ্ধি পাইছে ৫ হাজাৰ আৰু ৫০ হাজাৰ টকা পর্যন্ত৷ অৱশ্যে ক্রিকেট অনুৰাগীসকলে এনে আকাংশলংঘী দাম সত্ত্বেও ক’লা বজাৰত টিকট ক্রয় কৰিবলৈ আগ্রহী৷