নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত দুৰ্ঘটনাশূন্যভাৱে পাৰ হ’ল শাৰদীয় দুৰ্গোৎসৱ

🔹 পৰিবহণ বিভাগ, যান-বাহন আৰক্ষীৰ তৎপৰতা

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : পোন প্ৰথমবাৰৰ বাবে শাৰদীয় দুৰ্গোৎসৱৰ দিনকেইটাত শিৱসাগৰত এটাও প্ৰাণহানিকৰ দুৰ্ঘটনা সংঘটিত নোহোৱাত সাধাৰণ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে ৷ বিশেষকৈ শিৱসাগৰ জিলা পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীৰ তৎপৰতাৰ বাবেই দুৰ্ঘটনাশূন্যভাৱে শাৰদীয় দুৰ্গোৎসৱৰ দিনকেইটা পাৰ হৈ যোৱাক লৈয়েই সাধাৰণ ৰাইজে এই সন্তুষ্টি প্ৰকাশ কৰিছে ৷ একমাত্ৰ পৰিবহণ বিভাগ, যান-বাহন আৰক্ষীৰ দিন-ৰাতি একাকাৰ কৰি বিৰতিহীনভাৱে চলোৱা তালাচী অভিযানৰ বাবেই এনেদৰে উৎসৱৰ সময়ছোৱা পাৰ হৈ যোৱাক লৈয়েই সকলোৱে সন্তুৰ্ষ্টি প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে শান্তিপূৰ্ণ আৰু দুৰ্ঘটনাশূন্যভাৱে সাধাৰণ ৰাইজে যাতে পূজা উপভোগ কৰিব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ এই নিৰ্দেশনাৰ ভিত্তিতেই শিৱসাগৰ জিলা পৰিবহণ বিষয়া অংগীকাৰ বৰগোহাঁইৰ পৰিচালনাত জেষ্ঠ এনফৰ্চমেন্ট বিষয়া পিনাকী দত্তৰ নেতৃত্বত এনফৰ্চমেন্ট বিষয়া বেদান্ত গগৈ, পলাশ হাজৰিকা, বিজুমণি দুৱৰা, সহকাৰী বিষয়া দীপ দত্ত, টেপুৰাম বৰাৰ লগতে দুষ্মন্ত মাধৱ বৰা আৰু দিগন্ত গায়নৰ নেতৃত্বত দুটা পৃথক পৃথক দলে স্থানীয় আৰক্ষীৰ সহযোগত আৰম্ভ কৰিছিল এই অভিযান ৷ প্ৰতি সন্ধিয়া বিয়লি চাৰি বজাৰ পৰা পুৱতি নিশা ৩ বজা পৰ্য্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভটীয়াপাৰ, দৰিকাপাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰগতি চাৰিআলি, নাজিৰা, শিমলুগুৰি গেলেকী, মেকিপুৰ ,জাঁজীৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ডিমৌৰ দিহাজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰম্ভ কৰিছিল এই অভিযান ৷ কোনো কাৰণতে যাতে সুৰাপান কৰা ব্যক্তি গাড়ীচালকৰ আসনত বহিব নোৱাৰে, সেই ক্ষেত্ৰত অধিক গুৰুত্ব দি হাতে হাতে ব্ৰেথ এনালাইজাৰ যন্ত্ৰ লৈ চলাইছিল অভিযান ৷  সচেতন ৰাইজে পৰিবহণ বিভাগ, যান-বাহন আৰক্ষীক এই কঠোৰ অভিযান তথা দুৰ্ঘটনাশূন্যৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like