নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী অনুষ্ঠানত কা’ৰ ওপৰত কবিতা আবৃত্তি কৰি গ্ৰেপ্তাৰ হ’ল এজন সাহিত্যিক…

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ কর্ণাটক চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এক অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰোধীতাৰে কবিতা আবৃত্তি কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী কবি আৰু এগৰাকী সাংবাদিক ।

উল্লেখ্য যে চিৰাজ বিছৰল্লী নামৰ কবিজনে চৰকাৰী অনুষ্ঠানৰ মাজত কবিতা পাঠ কৰাৰ পাছত ৰাজাবক্সী নামৰ সাংবাদিকগৰাকীয়ে সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল ।

ইফালে তেওঁলোক দুগৰাকীৰ বিৰুদ্ধে যেতিয়া গোচৰ ৰুজু কৰা হৈছিল, তেতিয়াৰে পৰা দুয়োগৰাকী পলাতক হৈ আছিল । কিন্তু মঙলবাৰে আদালত উপস্থিত হৈ দুয়োগৰাকী লোকেই আত্মসমৰ্পন কৰে ।

You might also like