নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ নগৰবেৰাৰ টুপামাৰীলৈ গৌৱৰ কঢ়িয়াই আনিলে এগৰাকী অৱসৰী শিক্ষকৰ সন্তানে। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা হিচাপে বাছনি হৈছে টুপামাৰীৰ আফজালুৰ ৰহমান। লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ বাবে থকা মুঠ ২৪২টা পদৰ ৬০নং স্থান দখল কৰিবলৈ সক্ষম হয় ছাত্ৰজনে। আফজালুৰ ৰহমানৰ ঘৰ নগৰবেৰাৰ টুপামাৰীত, ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জছিম উদ্দিনৰ পুত্ৰ আফজালুৰ। টুপামাৰীৰ দৰে এক অনগ্ৰসৰ অঞ্চলৰ পৰা আফজালুৰ ৰহমানৰ এনে কৃতিত্বই পৰিয়ালৰ লগতে বৃহত্তৰ টুপামাৰী বাসীক উৎফুল্লিত কৰি তুলিছে। বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলবাসী ৰাইজে অভিনন্দন জনাইছে আফজালুৰ ৰহমানক।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস