নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অবৈধ সুৰাৰ ঘাটিত নিশা ভয়াৱহ সংঘৰ্ষ

🔹 হাতে হাতে দা-ৰড লৈ সুৰাপায়ীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : শিৱসাগৰ জিলা আবকাৰী বিভাগৰ ৰহস্যজনক ভূমিকাৰ বাবেই জিলাখনৰ য’তে-ত’তে ৰঘুমলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰাৰ ঘাটিৰ বাবেই এতিয়া সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নং বলিয়াঘাট বাৰেঘৰীয়া বনগাঁও অঞ্চলত যোৱানিশা প্ৰায় ১০ বজাত অবৈধ সুৰাৰ ঘাটিত সংঘটিত এক ভয়ংকৰ সংঘৰ্ষত কেইবাটাও সুৰাপায়ী কম-বেছি পৰিমাণে আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ দুই নং বলিয়াঘাট বাৰেঘৰীয়া বনগাঁৱৰ কুখ্যাত সুৰা মাফিয়া পৰেশৰ অবৈধ সুৰাৰ ঘাটিত সংঘটিত সংঘৰ্ষতেই কেইবাটাও সুৰাপায়ী আহত হোৱাৰ খবৰ পোৱা গৈছে ৷ হাতে হাতে দা-ৰড-লাঠী লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ, খেদাখেদি ইমানেই ভয়ংকৰ আছিল যে স্থানীয় ৰাইজে শোৱাপাটী এৰি বাহিৰলৈ ওলাই আহিবলগীয়া হৈছিল ৷ আন নালাগে, সেই সময়ত উক্ত অঞ্চলটোৰে নিশা আলহী খাই ওলটি যোৱা এটা পৰিয়ালৰ এখন জাইল’ গাড়ীতো সুৰাপায়ীয়ে লাঠীৰে কোবাই ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অতি দুৰ্ভাগ্যজনকভাৱে শিৱসাগৰ আবকাৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সন্দেহজনক স্থিতিৰ বাবেই শিৱসাগৰত গঢ় লৈ উঠা অবৈধ সুৰাৰ ঘাটিসমূহ ভয়-আতংকৰ অন্য এক নাম হৈ পৰিছে ৷ ইমানৰ পিছতো পৰেশৰ দৰে অবৈধ সুৰা মাফিয়াৰ অতপালি-সন্ত্ৰাস কিয় আৰক্ষী প্ৰশাসন, আবকাৰী বিভাগে নিয়ন্ত্ৰণ কৰিব পৰা নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অবৈধ সুৰাৰ বাবেই এই অঞ্চলত এক লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হৈছিল এগৰাকী উদীয়মান যুৱক ৷ সচেতন মহলে শীঘ্ৰে সুৰা মাফিয়া পৰেশৰ অবৈধ ঘাটি উৎখাত, মাফিয়া পৰেশক গ্ৰেপ্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ প্ৰতি দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like